আজিৰ এই লিখনিত আমি জানিম – গৰ্ভৱতী মহিলাসকলে কি খাৱ লাগে আৰু কি খাৱ নালাগে
প্ৰতিজন মাঁৰ বাবে গৰ্ভাৱস্থা এটা বিশেষ সময়, যত আপোনাৰ খাদ্যাভ্যাসে কেৱল আপোনাক নহয়,
আপোনাৰ অনাগত সন্তানকো প্ৰভাৱিত কৰে।
এই সময়ছোৱাত সঠিক পুষ্টিৰ প্ৰয়োজনীয়তা অতি বেছি আৰু খাদ্য়ৰ বিষয়ে জানি লোৱাটো দৰকাৰ।
এই লিখনিত, আহক জামো কেনেকৈ এটা সুস্থ গৰ্ভাৱস্থাৰ বাবে সঠিক খাদ্য নিৰ্বাচন কৰিব।
গৰ্ভৱতী মহিলাসকলে কি খাব লাগে
সকলো মহিলা গৰ্ভাৱস্থাত স্বাস্থ্যকৰ আৰু সুষম আহাৰ খোৱা বিশেষ গুৰুত্ব আছে।
ওমেগা-৩ ফ্যাটি এচিডে শিশুৰ মগজু বিকাশত সহায় কৰে, ইয়াৰ বাবে সামুদ্রিক মাছ, কুমড়াৰ বিচি আদি খাব লাগে।
এই সময়ছোৱাত মাক আৰু গৰ্ভস্থ শিশুৰ দুয়োৰে শাৰীৰিক বিকাশৰ বাবে যথেষ্ট পুষ্টি প্ৰয়োজন হয়,
আৰু আপুনি যি কোনো খাদ্য় খোৱাৰ আগতে মুখ্য পুষ্টিৰ বৰ্ণনা জানি লোৱাটো ভাল!
১. কেলছিয়ামযুক্ত খাদ্য:
মহিলাসকলে গৰ্ভাৱস্থাত কেলছিয়ামযুক্ত খাদ্য যেনে গাখীৰ, দৈ, পনীৰ, পালেং শাক আদি নিয়মিতভাৱে খাব
লাগে, যিয়ে হাড় আৰু দাঁতৰ বিকাশত সহায় কৰে।
২. লৌহসমৃদ্ধ খাদ্য:
আনকি, লৌহসমৃদ্ধ খাদ্য যেনে কমলা ৰঙৰ শাক-পাচলি, শুকান ফল, সিজোৱা মাছ-মাংস আদিয়ে
ৰক্তহীনতা ৰোধ কৰাত সহায় কৰে আৰু শিশুক সবল কৰি ৰাখে।
৩. ফলিক এচিডযুক্ত খাদ্য:
আপোনাৰ শিশুৰ ভাল স্বাস্থ্যৰ বাবে ফলিক এছিডৰ দৰকাৰ।
এই ফলিক এছিডৰ বাবে গৰ্ভৱতী মহিলাসকলে সেউজীয়া শাক-পাচলি, ডাইল, মাটিমাহ আদি খোৱা উচিত।
৪. প্ৰটিন জাতিয় খাদ্য়:
প্ৰ’টিনৰ বাবে গৰ্ভৱতী মহিলাসকলে ডিম, মাছ, মাংস আৰু ডালি আদি খাব লাগে।
প্ৰাকৃতিক উৎসৰ পৰা প্ৰটিন লাভ কৰিবলৈ চেষ্টা কৰক, কাৰণ ইয়াত কোনো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ
নাই যিয়ে আপোনাৰ শিশুটিক ক্ষতি কৰিব।
যি সকলে নিৰামিষ খাই ভাল পায়, তেওঁলোকে চয়াবিন,গাখীৰ,টোফুক প্ৰটিনৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰে।
বজাৰত পোৱা পাত্ৰ বা পেকেট প্ৰটিন কোনো গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বিকল্প নহয়।
৫. হাইড্ৰেট থাকক:
এজনী গৰ্ভৱতী মহিলাই প্ৰতিদিনে ৮-১০ গিলাচ পানী খোৱা উচিত আৰু দিনত ৫-৬ বাৰ সৰু সৰু ভাগ কৰি খাব লাগে।
আপুনি ঘৰতে বনোৱা ফলৰ ৰস বা সৰবাত খাব যাব পাৰে, যিয়ে আপোনাক দীৰ্ঘ সময় হাইড্ৰেট কৰি ৰাখে।
গৰ্ভাৱস্থাত এগৰাকী গৰ্ভৱতী মহিলাই গ্ৰহণ কৰিবলগীয়া কিছুমান খাদ্যৰ তালিকা আমি তালিকাভুক্ত কৰিছো।
মন কৰিব যে- আপুনি যদি কোনো খাদ্যৰ এলেজী আছে তেন্তে এৰাই চলিব বা বাতিল কৰিব পাৰে:-
শ্ৰেণী | উৎস | লাভ্সমূহ |
ওমেগা-৩ ফ্যাটি এচিড খাদ্য় | সামুদ্রিক মাছ, কুমড়াৰ বিচি,শণৰ বীজ (flaxseed) | শিশুৰ মগজু বিকাশত সহায় কৰে |
ভিটামিন চি খাদ্য় | আমলকি, লেবু আদিত | আয়ৰন শোষণত সহায় কৰে। |
আয়ডিনযুক্ত খাদ্য় | আয়ডিনযুক্ত লবণ, সামুদ্রিক মাছ | শিশুৰ মগজু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। |
অ্যান্টিঅক্সিডেন্টে জাতীয় খাদ্য় | ডিমৰ কুসুমত পোৱা যায় | স্মৃতিশক্তি বৃদ্ধি কৰে |
কোলিন জাতীয় খাদ্য় | পালং শাক, গাজৰ আদিত পোৱা যায় | শৰীৰৰ কোষ সুস্থ ৰাখে। |
আঁহ আৰু কেলচিয়ামযুক্ত খাদ্য় | মচুৰ দাইল, পটল, বীন, চজিনা, সৰিয়হ, তিল আৰু বাদাম | কেঁচুৱাৰ হাড় শক্তিশালী কৰাত সহায় কৰে |
বি ভিটামিন আৰু মেগনেছিয়ামযুক্ত খাদ্য় | অটছ (Oats) আৰু কুইনোয়া (Quinoa) | শিশুৰ মগজু আৰু স্নায়ুতন্ত্ৰত সহায় কৰে। |
ওপৰত উল্লেখ কৰা খাদ্যৰ উপৰিও গৰ্ভৱতী মহিলাসকলে বিভিন্ন ধৰণৰ আৰু ৰঙৰ বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলি খোৱাটো গুৰুত্বপূৰ্ণ।
ডাক্তৰৰ পৰামৰ্শমতে ভিটামিন আৰু আইৰন ল’ব লাগে আৰু নিয়মীয়াকৈ চেক-আপ কৰাব লাগে।
সকলো গৰ্ভৱতী মহিলাই এই সকলোবোৰ পুষ্টি উপাদান সঠিক পৰিমাণে গ্ৰহণ কৰিলে মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত হ’ব।
গৰ্ভৱতী মহিলাসকলে কি খাব নালাগে
গৰ্ভৱতী মহিলাসকলে পাম তেল ভজা ভুজিয়াৰ পৰিবৰ্তে সুস্বাস্থ্যকৰ মাখানাৰ খাব লাগে।
তলত দিয়া খাদ্য়সমূহ গৰ্ভৱতী মহিলাসকলে খাব নালাগে বা খালে নৱজাতকৰ বাবে ক্ষতিকৰ হয়।
খাদ্যবস্তু | অপকাৰিতা |
---|---|
কেঁচা বা অর্ধসিদ্ধ মাংস, কুকুৰা মাংস আৰু কণী | চেলম’নেলা আৰু টক্স’প্লাজমাৰ দৰে বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা |
অপেষ্টুৰাইজড দুগ্ধজাত সামগ্ৰী | লিষ্টেৰিয়া বেক্টেৰিয়া থাকিব পাৰে, গৰ্ভপাত বা শিশুৰ ৰোগৰ আশংকা |
কিছুমান নৰম পনীৰ (ব্ৰী, কেমেম্বাৰ্ট, ফেটা আদি) | লিষ্টেৰিয়া সংক্ৰমণৰ আশংকা (জলকীয়া গৰম নকৰাকৈ) |
কেঁচা বা অর্ধসিদ্ধ মাছ আৰু চুচি | লিষ্টেৰিয়া, ভিব্ৰিঅ’ আদি পৰজীৱীৰ আশংকা |
প্ৰচেছড মাংস (হাম, চালামি আদি) | লিষ্টেৰিয়া থাকিব পাৰে (জলকীয়া গৰম কৰি খাব লাগে) |
উচ্চ পাৰদযুক্ত মাছ (শ্বাৰ্ক, স্বৰ্ডফিছ আদি) | শিশুৰ স্নায়ু বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে |
কেঁচা অংকুৰিত শস্য (মুগ, আলফালফা আদি) | চেলম’নেলা বা ই.ক’লাইৰ সংক্ৰমণৰ আশংকা |
মদ or চিগাৰেট | শিশুৰ দীৰ্ঘম্যাদী ক্ষতি কৰিব পাৰে |
যকৃত আৰু যকৃতৰ পৰা তৈয়াৰী খাদ্য | বেছি ভিটামিন এয়ে জন্মত্ৰুটিৰ সৃষ্টি কৰিব পাৰে |
অপৰিষ্কাৰ ফল-মূল আৰু শাক-পাচলি | টক্স’প্লাজমা বা বেক্টেৰিয়া থাকিব পাৰে |
চফ্ট-চাৰ্ভ আইচ্ক্ৰীম | লিষ্টেৰিয়া সংক্ৰমণৰ আশংকা |
এন’কি মাছৰুম | লিষ্টেৰিয়া থাকিব পাৰে (সঠিকভাৱে সিজাব লাগে) |
ডেন্টেড কৌটাত থকা খাদ্য | ব’টুলিজম ৰোগৰ আশংকা |
উচ্চ ড’জৰ ভিটামিন এ সম্পৰ্কীয় পূৰক | বেছি ভিটামিন এয়ে ক্ষতিকাৰক |
গৰ্ভাৱস্থাৰ সময়ত পুষ্টিকৰ খাদ্য নাখালে ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱা আৰু ৰক্তহীনতা হ’ব পাৰে।
গৰ্ভৱতী মহিলাসকলে ভাল খাদ্য় নাখালে জন্মৰ সময়ত কম ওজন, জন্মগত বিসংগতিৰ দৰে জটিলতাৰ সম্ভাৱনা আদি অসংখ্য সুবিধা আহিব পাৰে।
গৰ্ভৱতী মহিলাসকলে কি খাব ? এই কথা ভালদৰে নাজানিলে তাৰ প্ৰভাব শিশুৰ দেহাত দেখা যাব পাৰে,
গতিকে মাক হিচাপে আপুনি নিজৰ খাদ্য়ৰ ওপৰত মনোযোগ দিয়ক।
Conclusion
গৰ্ভৱতী মহিলাসকলে কি খাব ? আৰু গৰ্ভৱতী মহিলাসকলে কি নাখাব , এই বিষয়ে আমি এই লিখনিত
আলোচনা কৰিছো, আপুনি আপোনাৰ মতামত তলত লিখিব পাৰে।
গৰ্ভৱতীয়ে বেছি কফেইনযুক্ত পানীয়, তেল-মছলাযুক্ত খাদ্য আদি এৰাই চলিব লাগে।
FAQ
কিছুমান মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাৰ সময়ত বিলাহী খোৱাৰ ফলস্বৰূপ কিছুমান সম্ভাৱ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বিলাহীৰ পৰা কিছুমান পৰজীৱী ৰোগৰ সঞ্চাৰ হোৱাৰ আশংকা থাকে, বিশেষকৈ টোক্সোপ্লাজমা নামৰ পৰজীৱী পৰা হোৱা ৰোগ!
কিন্তু এয়া আপোনাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা ওপৰত নিৰ্ভৰ কৰে।
এই পৰজীৱী গৰ্ভাবস্থাৰ সময়ত মহিলাৰ শৰীৰত সোমাই গলে গৰ্ভৰ ভিতৰতে সন্তানে সমস্যা সৃষ্টি কৰিব পাৰে।
ইয়াৰ ফলত জন্মৰ সময় কিছু শাৰীৰিক বা মানসিক সমস্যা, তথা স্নায়ু বিকৃতি বা দৃষ্টিশক্তি সমস্যাৰ সৃষ্টি হব পাৰে।
গৰ্ভৱতী মহিলাই কিছুমান বিশেষ খাদ্য বস্ত্ৰৰ পৰা বিৰত থাকিব লাগে, কিয়নো সেইবোৰে গৰ্ভপাত
(miscarriage) বা গৰ্ভৰ শিশুৰ বিকাশত বিঘ্ন ঘটাব পাৰে।
যেনে – অতিপাৰ টেঙা খোৱা বা বেচি জলা খালে হব পাৰে বা সময়ৰ আগত প্ৰসৱ হ’ব পাৰে।
আনকি অতিমাত্ৰা কেফেইন বা অলকোহল খালেও এনে হ’ব পাৰে।