শিৱলিংগ কিয় পূজা কৰা হয় (Why is Shiva worshiped as a Linga?): যদি আপুনি
শিৱলিংগৰ পূজাৰ তাৎপৰ্য্য জানিব বিচাৰে, তেনেহলে এই লিখনিখন ভালদৰে পঢ়ক।
প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে pmindiascheme.in লৈ স্বাগতম জনাইছো।
আমাৰ ভাৰতত শিৱক লিংগ ৰূপে পূজা কৰাটো হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন পৰম্পৰা।
আমাৰ হিন্দু ধৰ্মত শিৱলিংগৰ পূজা এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।
আজি আমি শিৱক লিংগ ৰূপে কিয় পূজা কৰা হয়, সেই বিষয়ে আলোচনা কৰিম,
আনকি আমি জানিম, শিৱ লিংগৰ পূজাৰ প্ৰাচীন ইতিহাস, তাৎপৰ্য্য, আৰু ধাৰ্মিক বিশ্বাসসমূহ।
শিৱলিংগৰ পূজাৰ প্ৰাচীন ইতিহাস
শিৱলিংগৰ পূজাৰ তাৎপৰ্য্য: আপুনি ইণ্টাৰনেটত বাতৰি দেখা পাও যে কোনোবা দেশৰ দুৰ্গম অঞ্চলত
কিছুমান অনন্য শিল পোৱা গৈছে আৰু প্ৰত্নতত্ত্বৰ দ্বাৰা গৱেষণা কৰাৰ পিছত তেওঁলোকে ইয়াক শিৱ লিংগ বুলি চিনাক্ত কৰিছে।
এই ধৰণৰ এটা শিল বা শিৱলিংগ আয়াৰলেণ্ডত পোৱা গৈছিল।
বিশ্বাস কৰাটো কঠিন হ’ব পাৰে কিন্তু ই সঁচা কথা। ইয়াৰ দ্বাৰা হিন্দু দেৱতা মহাদেৱ আৰু পৌৰাণিক হিন্দু বা সনাতন ধৰ্মৰ বিস্তাৰ আৰু প্ৰভাৱৰ কথা প্ৰমাণিত হয়।
মন কৰিব যে শিৱলিংগৰ পূজাৰ ইতিহাস অতি প্ৰাচীন। আমাৰ প্ৰিয় গ্রন্থ পুৰাণ আৰু বেদত শিৱলিংগৰ
পূজাৰ উল্লেখ পোৱা যায়।
শিৱলিংগৰ পূজা হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে আজিও পৰিগণিত হৈ আছে।
ভাৰতত শিৱলিংগৰ পূজাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ আছে, কাৰণ আমাৰ দেশত বহু ধৰ্ম আছে যিয়ে এই শিৱলিংগৰ পূজাক মানি নল’বও পাৰে।
যাৰ ফলস্ৱৰূপে বহু হিন্দুৰ মনত শিৱলিংগৰ পূজাক লৈ সন্দেহজনক প্ৰশ্ন আহিব পাৰে।
কিছুমান মতবাদ অনুসৰি, শিৱলিংগৰ পূজা প্ৰাচীন সিন্ধু সভ্যতাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল।
কিন্তু এনে বহু প্ৰমাণ আছে যিয়ে প্ৰকাশ কৰে যে শিৱলিংগৰ পূজা বেদৰ সময়ৰ পৰাই আৰম্ভ হৈছিল।
শিৱলিংগৰ তাৎপৰ্য্য
শিৱলিংগ কিয় পূজা কৰা হয়: হিন্দু ধৰ্ম অনুসৰি হিন্দু শিৱলিং পূজাৰ আঁৰত বহু কাৰণ আছে।
শিৱলিংগৰ পূজাৰ কিছুমান তাৎপৰ্য্য আমি তলত উল্লেখ কৰিছো।
- শিৱৰ প্ৰতীক: সনাতন ধৰ্ম মতে শিৱলিংগ হৈছে শিৱৰ প্ৰতীক। শিৱলিংগৰ হৈছে মহাদেৱক আৰাধনা কৰাৰ এক মাধ্য়ম।
- সৃষ্টি আৰু ধ্বংসৰ প্ৰতীক: শিৱলিংগ হৈছে সৃষ্টি আৰু ধ্বংসৰ প্ৰতীক। ভগৱান শিৱ সৃষ্টি আৰু ধ্বংসৰ চক্ৰক নিয়ন্ত্রণ কৰাৰ সমর্থ ৰাখে।
- শক্তি আৰু শান্তিৰ প্ৰতীক: আনকি বহু ধাৰ্মিক মহৎ লোকে শিৱলিংগ হৈছে শক্তি আৰু শান্তিৰ প্ৰতীক বুলি গণ্য় কৰে। গতিকে ইয়াৰ দ্বাৰা শক্তি আৰু শান্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়।
Also read: খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব
শিৱলিংগৰ পূজাৰ ফলত শিৱৰ উপাসনা কৰাৰ লগতে আপোনাৰ মোক্ষৰ প্ৰাপ্তিৰ বাট মুকলি হয়।
সেইবাবে শিৱৰাত্ৰিৰ দিনত বহু ভকতে মোক্ষৰ প্ৰতীক হিচাপে শিৱ লিংগৰ পূজা কৰে।
Conclusion
সকলো হিন্দু ধৰ্মৰ ব্য়ক্তিৰ বাবে শিৱলিংগৰ পূজাৰ গুৰুত্ব কেৱল শিৱৰ উপাসনাতে সিমিত হৈ নাথাকে,
বৰং, এই পূজাই সৃষ্টি আৰু ধ্বংসৰ প্ৰতীক হিচাপে আৰু মোক্ষৰ প্ৰতীক হিচাপে চলি আহিছে।
শিৱলিংগৰ পূজাৰ ধাৰ্মিক বিশ্বাসসমূহ হিন্দু ধৰ্মত এক গুৰুত্বপূণ স্থান অধিকাৰ কৰি আহিছে আৰু আমি
ইয়াক শিৱৰাত্ৰী ৰূপত পতিফলিত কৰি ভাল পাও।
শিৱলিংগ কিয় পূজা কৰা হয় ? , এই লিখনিৰ ওপৰত আপোনাৰ মতামত তলত দিব পাৰে।
আশা কৰোঁ এই ব্লগটোৱে আপোনাক শিৱলিংগৰ পূজাৰ বিষয়ে জানিবলৈ সহায় কৰিব।
যদি আপোনাৰ কোনো প্ৰশ্ন বা মতামত থাকে, তেন্তে মন্তব্য কৰিবলৈ নাপাহৰিব!