When To Celebrate Janmashtami 2023: কৃষ্ণ জন্মাষ্টমী 6 ছেপ্টেম্বৰ নে 7 ছেপ্টেম্বৰত :জন্মাষ্টমী হিন্দু ধৰ্মৰ আটাইতকৈ শ্ৰদ্ধাৰ দেৱতা আৰু পৰম কৃপাময় ভগৱান বিষ্ণুৰ জন্মৰ স্মৃতিত উদযাপন কৰা হয়।
চমুকৈ (In Short)
কৃষ্ণ জন্মাষ্টমী বুধবাৰে, ৬ ছেপ্টেম্বৰ, ২০২৩ – বৃহস্পতি, ৭ ছেপ্টেম্বৰ, ২০২৩
উদযাপন কৰা হ’ব
ভগৱান কৃষ্ণক ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ বুলি জনা যায়।
তেওঁ হ’ল দেৱতাৰ হিন্দু ত্ৰিমূৰ্তিৰ সংৰক্ষক আৰু ৰক্ষক।
আমি সকলোৱে ভাগ্যৱান, কাৰণ এই বছৰ কৃষ্ণ জন্মাষ্টমী দুদিন উদযাপন কৰা হ’ব।
When To Celebrate Janmashtami |জন্মাষ্টমী 2023 তাৰিখ আৰু সময়
কেলেণ্ডাৰ অনুসৰি, কৃষ্ণাষ্টমী (Janmashtami) ছেপ্টেম্বৰৰ 6 আৰু 7 তাৰিখে কৃষ্ণ জন্মাষ্টমী ধাৰ্য্য় কৰা হৈছে।
কোনোৱাই 6 ছেপ্টেম্বৰৰ তাৰিখে জন্মাষ্টমী পালন কৰিব।
আকৌ কোনোৱাই 7 ছেপ্টেম্বৰৰ তাৰিখে কৃষ্ণাষ্টমী (Janmashtami) পালন কৰিব।
ভদ্ৰ মাহৰ কৃষ্ণ পক্ষত মাতৃ দেৱকীৰ কোলাত শ্ৰীকৃষ্ণৰ জন্ম হয়।
কংসৰাজৰ কাৰাগাৰত দেৱকী আৰু বাসুদেৱৰ অষ্টম গৰ্ভ সন্তান আছিল শ্ৰীকৃষ্ণ।
অনুগ্ৰহ কৰি বাতৰিৰ অধিক আপডেটৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত যোগদান কৰিবলৈ নাপাহৰিব।
জন্মৰ পৰাই বহু মৃত্যুৰ ভয়ংকৰ হুংকাৰৰ মাজত বাসুদেৱে জন্মৰ লগে লগে শিশু কৃষ্ণক বৃন্দাবনৰ গোকুল গাঁৱলৈ লৈ যায়।
প্ৰচণ্ড বৰষুণৰ মাজত বাসুদেৱে কৃষ্ণ মূৰত লৈ যমুনা নদী পাৰ হৈ যোৱাৰ সময়ত নগাৰাজ বাসুকীয়ে নিজেই ছাতি হিচাপে থিয় দিছিল।
বাসুদেৱে কৃষ্ণক অদৃশ্যভাৱে নন্দৰাজৰ ঘৰত এৰি থৈ গৈছিল।
সৰুতে তেওঁক মৰমেৰে সকলোৱে গোপাল বুলি মাতিছিল।
ভদ্ৰ মাহৰ অষ্টম তিথিত অসমৰ প্ৰতিটো নামঘৰতে বা ঘৰতে শ্ৰীকৃষ্ণ পূজাৰ আয়োজন কৰা হয়।
মন কৰিব যে, ভদ্ৰ মাহৰ কৃষ্ণ কৃষ্ণাষ্টমী (Janmashtami) তিথি ৬ ছেপ্টেম্বৰৰ আবেলি ৩:৩৭ বজাত আৰম্ভ হ’ব।
আৰু পিছদিনা 7 ছেপ্টেম্বৰৰ আবেলি ৪:১৪ বজাত সমাপ্ত হ’ব।
যিহেতু জন্মাষ্টমী পূজা পৰম্পৰাগতভাৱে নিশা অনুষ্ঠিত কৰা হয়, গতিকে বহুতে 6 ছেপ্টেম্বৰত কৃষ্ণ জন্মাষ্টমী উদযাপন কৰিবলৈ পচন্দ কৰিব।
আমি সকলোৱে জানো যে মাহাপ্ৰভু কৃষ্ণৰ জন্ম মাজ ৰাতি হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত কৃষ্ণাষ্টমী (Janmashtami) পূজাৰ বা নামৰ শুভ সময় আৰম্ভ হ’ব মাজনিশা ঠিক 12:20 AM বজাত, আৰু পুৱা 12:48AM বজালৈকে চলিব।
এই সম্পৰ্কে আপোনাৰ ধাৰণা তলত কমেন্ট কৰি জনাব।
দেশৰ বিভিন্ন প্ৰান্তত এই কৃষ্ণ কৃষ্ণাষ্টমী (Janmashtami)ক বিভিন্ন ৰুপে পালন কৰা হয়।
কৃষ্ণ জন্মাষ্টমীক অন্য় নামবোৰ হল
- কৃষ্ণাষ্টমী,
- গোকুলাষ্টমী,
- শ্ৰী জয়ন্তী ,
- শ্ৰীকৃষ্ণ জয়ন্তী
- অষ্টমী ৰোহিনী
আমি যি নামতে জন্মাষ্টমী পালন নকৰো কিয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আৰু মঙল দৃষ্টি আমাৰ সকলোৰে কাম্য়।