US deported 332 Indian: যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা ৩৩২ জনতকৈ অধিক অবৈধ ভাৰতীয়ক
আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে আৰু এই সকলো লোককে ভাৰতলৈ ঘূৰাই পঠোৱা হৈছে।
বহু ৰাজনৈতিক ব্যক্তিসকলে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এই সিদ্ধান্তৰ আঁৰৰ সম্ভাৱ্য গোপন উদ্দেশ্যৰ কথা জানিব বিচাৰিছে।
যোৱাকালি দেওবাৰে নিশা ১০.০৫ বজাত ১১২ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক আমেৰিকান বিমানত পঞ্জাৱৰ অমৃতসৰ (Amritsar)ত অৱতৰণ কৰা হৈছিল।
এয়া আছিল তৃতীয়খন আমেৰিকান বিমান যি ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতত ঘূৰাই আনিছিল।
Also read : বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা USA ৰ প্ৰত্যাহাৰ
যোৱা সপ্তাহৰ শেষৰ ফালে অহা লোকৰ সংখ্যা আছিল ২২৮ আৰু বৰ্তমান এই সংখ্যা ৩৩২লৈ বৃদ্ধি পাইছে।
সূত্ৰই জনোৱা মতে, শেহতীয়া ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ (US deported 332 Indian) ভিতৰত আছিল- হাৰিয়ানাৰ ৪৪ জন, গুজৰাটৰ
৩৩ জন, পঞ্জাৱৰ ৩১ জন, ইউ পিৰ ২ জন, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ এজনকৈ স্থানীয় লোক ।
এইফালে পঞ্জাৱ চৰকাৰে হাৰিয়ানাই বিতাড়িত লোকসকলক নিজৰ ঘৰত পঠাবৰ বাবে জেল ভ্যান ব্য়ৱহাৰে
এক তীব্র সমালোচনাৰ সৃষ্টি কৰিছে আৰু পিছত বিজেপি নেতৃত্বাধীন চৰকাৰে নতুনকৈ অহা লোকসকলক নিবলৈ ভলভো বাছ প্ৰদান কৰে।
টাইমছফিণ্ডিয়া নিউজ জানিব পৰা মতে ভাগৱত মান নেতৃত্বাধীন পঞ্জাৱ চৰকাৰৰ কোনো সদস্যই দেওবাৰে
নিশা বিমানবন্দৰত উপস্থিত নাছিল ,আনকি ঘূৰি অহা লোকসকলৰ কোনো পৰিয়ালৰ সদস্যও উপস্থিত নাছিল।
মন কৰিব যে হেণ্ডকাফ আৰু বেণ্ডেজ বান্ধি ৫ ফেব্ৰুৱাৰীৰ বিমানৰে ১০৪ জন বিতাড়িত লোকক লৈ অহা হৈছিল।
১১৬ জন ভাৰতীয় লোকক(US deported 332 Indian) দ্বিতীয়খন বিমানত আমেৰিকাৰ পৰা লৈ অহা হৈছিল।
অবৈধ ভাৰতীয়ক লোকসকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল।