Stop Expecting 7 Things From Others: ৭ টা বস্তু আনৰ পৰা আশা বন্ধ কৰা উচিত

Stop Expecting 7 Things From Others: ৭ টা বস্তু আনৰ পৰা আশা বন্ধ কৰা উচিত | আপোনাৰ বন্ধু বৰ্গ আৰু পৰিয়ালৰ পৰা কি কি আশা কৰিব নালাগে: হেই বন্ধুসকল, মানুহ হিচাপে, আমাৰ সকলোৰে বিভিন্ন আশা আছে!

আৰু সেয়া এক স্বাভাৱিক কথা, কাৰণ আশা অবিহনে আমি জিয়াই থাকিব নোৱাৰো।

অৱশ্যে, আমি পাহৰিব নালাগে যে আমি পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান জীৱ,

আমাৰ নিজ​ৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম।

ইয়াৰ অৰ্থ হৈছে – আমি আনৰ পৰা আমাৰ আশা বা প্ৰত্যাশাবোৰো নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

আজিৰ লিখানীত আমি বিচাৰি পাম আমি আনৰ পৰা কি ৭ টা বস্তু আশা কৰিব নালাগে।

pmindiascheme

For New Updates, Please Join টেলিগ্ৰাম (Telegram)

অনুগ্ৰহ কৰি আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰক।

আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ হতাশাবোৰ প্ৰায়ে ভুল প্ৰত্যাশাৰ ফলাফল।

আন লোকৰ পৰা আশা কৰা বন্ধ কৰা মানে এক সুন্দ​ৰ জিৱনৰ আৰম্ভণি!

তথাপিও মনত ৰাখিব যে আকাংক্ষা বোৰ এৰি দিয়াটো হৈছে দুখ বা হতাশা পৰিহাৰ কৰাৰ মূল চাবিকাঠি।

আশা মানে কি ?| What Is Expectation?

এক আশা হৈছে এক দৃঢ় বিশ্বাস যি ভৱিষ্যতে এক নিৰ্দিষ্ট ঘটনা, পৰিস্থিতি বা ফলাফল হব পাৰে।

ইয়াত কিছুমান পৰিস্থিতি, অভিজ্ঞতা বা অনুমানৰ ওপৰত আধাৰিত কৰি কি হ’ব লাগে

বা হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰা এক মানসিক পৰিস্থিতি ক চিহ্নিত ক​ৰে।

আনৰ পৰা আশা কৰা মানুষ অনুস​ৰি ব্যাপকভাৱে পৃথক হ’ব পাৰে আৰু জীৱনৰ বিভিন্ন দিশ সামৰি ল’ব পাৰে।

উদাহৰণ:

  1. ব্যক্তিগত প্ৰাপ্তিৰ আশা: নিজৰ সফলতা, আৰু ব্যক্তিগত লক্ষ্যৰ সৈতে সম্পৰ্কিত আশা।
  2. সামাজিক আশা: সামাজিক বাৰ্তালাপ, বন্ধুত্ব আৰু সম্পৰ্কসম্পৰ্কে আশা।
  3. পাৰিবাৰিক আশা: পাৰিবাৰিক গতিশীলতা, ভূমিকা, প্ৰেম আৰু দায়বদ্ধতাৰ বিষয়ে আশা।
  4. পেছাদাৰী আশা:কামৰ সৈতে সম্পৰ্কিত আশা, যেনে পদোন্নতি, স্বীকৃতি, আৰু চাকৰিৰ সন্তুষ্টি।
  5. ভৌতিক আশা: সম্পত্তি, সম্পদ আৰু জীৱনশৈলী সম্পৰ্কে আশা।
  6. স্বাস্থ্যৰ আশা: শাৰীৰিক আৰু মানসিক সুস্থতাৰ সৈতে সম্পৰ্কিত প্ৰত্যাশা।
  7. শৈক্ষিক আশা: ছাত্ৰসকল​ৰ শৈক্ষিক সাফল্য আৰু শিকাৰ অভিজ্ঞতাৰ সৈতে সম্পৰ্কিত আশা।

আনৰ আশা কৰা বন্ধ কৰা ৭ টা বস্তু| Stop Expecting 7 Things From Others

আশা কৰা বন্ধ কৰা এক কঠিন কাম আৰু ইয়াৰ বাবে আপোনাৰ বুদ্ধিমত্তা থকাটো দ​ৰকাৰ।

১. আপোনাৰ সৈতে সন্মত হ’ব বুলি আশা:

আপুনি আপোনাৰ নিজৰ ধৰণে জিয়াই থকা আৰু সুখী হোৱাৰ যোগ্য।

আনৰ মতামতে আপোনাক জিয়াই থকাৰ কোনো প্ৰ​য়োজন নাই!

কিন্তু ইয়াত আমি কব লাগিব যে- আপুনি প্ৰাপ্তবয়স্ক নোহোৱালৈকে আপোনাৰ পিতৃ-মাতৃৰ নিৰ্দেশনা অনুসৰণ কৰিব পাৰে।

আপোনাৰ পিতৃ-মাতৃ আপোনাৰ জীৱনৰ এজন শ্ৰেষ্ঠ প্ৰশিক্ষক হব পাৰে যি আপোনাক ভালদৰে জিৱন কৌশল শিকাব পাৰে।

Also read ৫টা অভ্যাসে আপোনাক ধনি ক​ৰিব পাৰে

আপুনি আনৰ আশা পূৰণ কৰিবলৈ এই পৃথিৱীত অহা নাই,

বা আপুনি অনুভৱ কৰা উচিত নহয় যে আনসকলে আপোনাৰ সৈতে জীয়াই থাকিবলৈ ইয়াত আছে।

দৰাচলতে, আপুনি জীৱনত আপোনাৰ নিজা সিদ্ধান্তবোৰ যিমানে অনুমোদন কৰে,

গতিকে আপোনাৰ চিন্তাধাৰাৰ সৈতে আনক সন্মত হোৱাৰ আশা ক​ৰাটো এক সঠিক নহবও পাৰে।

২. আপুনি নিজকে আত্মসন্মান কৰাতকৈ আন​ৰ প​ৰা অধিক সন্মানৰ আশা ক​ৰা:

আত্মসন্মান হৈছে এজন ব্যক্তিৰ মানসিক আৰু আৱেগিক সুস্থতাৰ এক মৌলিক দিশ।

আত্মসন্মান হৈছে এক অনুভব নিজ​ৰ জিৱনক অতুলনীয় সন্মান।

যদি আপুনি আনক সন্মান কৰে তেন্তে আপুনি স্বয়ংক্ৰিয়ভাৱে সন্মান পাব,

যদিও ইয়াত কোনো সন্দেহ নাই যে হয়তো ইয়াৰ বাবে আপোনাক কিছু সময় লাগিব পাৰে।

উদাহৰণ স্বৰূপে যদি এজন শিক্ষকে তেওঁৰ শিক্ষাৰ্থীসকলক সন্মান কৰে,

তেন্তে তেওঁ সংজ্ঞাবদ্ধভাৱে সন্মান সহজে ঘূৰাই পাব পাৰে।

পৰিয়ালৰ পৰা কি আশা, আনৰ পৰা আশা বন্ধ, আনৰ পৰা আশা বন্ধ, Stop Expecting 7 Things From Others: ৭ টা বস্তু আনৰ পৰা আশা বন্ধ কৰা উচিত

মন কৰিব যে- প্ৰেম, সন্মান আৰু মনোযোগৰ বাবে আপুনি কোনো ব্য়ক্তিক বল দিব নোৱাৰে।

যদি আপোনাৰ সৰু ভনীয়েকৰ সন্মানৰ পাব বিছাৰে, তেন্তে আপুনি তাইক সন্মান কৰিবই লাগিব।

তাইৰ সিদ্ধান্তত বাধা নিদিব, হয়- তাইৰ সিদ্ধান্ত ভুল হলে তাইক এটা ভাল দিশ দেখুৱাওক

আৰু তাইক অনুভৱ কৰাব চেষ্টা কৰাব পাৰে যে কিভাবে তাইৰ সিদ্ধান্তটো ভুল।

আপুনি এবাৰ বা দুবাৰ কৰা প্ৰয়াস কাম নকৰিব পাৰে, কিন্তু যদি আপুনি তাইক যত্ন কৰে

আৰু সন্মান কৰে, তেন্তে ই আপোনাক এটা ভাল সম্পৰ্ক গ​ঢ়ি তুলিব।

৩. আন​ৰ প​ৰা আপোনাক ভাল পোৱাৰ আশা কৰা:

আমি সকলোৱে জানিব লাগিব যে প্ৰেমে বলপূৰ্বক ভাৱে প্ৰাপ্ত কৰিব নোৱাৰি।

আজিৰ হোৱাটছএপৰ যোগত আমি কাৰোবাক ভালপোৱাৰ বাবে বলপূৰ্বক কাৰ্য্য়কলাপ কৰিব নোৱাৰো!

প্ৰেম বা ভালপোৱা হৈছে এক গভীৰ আৰু নিস্বাৰ্থ সম্পৰ্ক, য’ত ব্যক্তিসকলৰ মাজত সহানুভূতি, আৰু পাৰস্পৰিক সমৰ্থন বিকশিত হয়।

ই বুজাবুজি আৰু আৱেগিক বন্ধনৰ এক গভীৰ অনুভূতি বৃদ্ধি কৰে।

গতিকে, আন​ৰ প​ৰা আপোনাক ভাল পোৱাৰ আশা কৰাটো উচিত নহ​য়।

৪. আনক হঠাতে সলনি হব বুলি আশা কৰা:

যদি আপুনি চিন্তা কৰা কোনো নিৰ্দিষ্ট আচৰণ যাৰ বিষয়ে আপুনি আনৰ পৰা আশা কৰি আছে,

সেই আচৰণ তেওঁ হয়তো হঠাতে সাৱটি লব নোৱাৰিবও পাৰে।

এটা কথা মনত ৰাখিব যে- সময় শক্তিশালী আৰু প​ৰিব​ৰ্তনশীল,

গতিকে সম​য়ৰ লগে লগে ভাল অভ্যাসৰ দ্ৱাৰা আপুনি কাৰোবাৰ প​ৰিব​ৰ্তন দেখিব পাৰে।

৫. সম্পত্তিৰ আশা কৰা:

আন​ৰ প​ৰা টকা বা সম্পত্তিৰ আশা ক​ৰাটো এক ডাঙৰ ভুল আৰু আপুনি এই ভুল​ৰ প​ৰা সদায় আত​ৰত থাকিব চেষ্টা ক​ৰা উচিত।

আমি আশা ক​ৰা সব বস্তো জীৱনত নাপাব পাৰো, কিন্তু আমি আন​ৰ সম্পত্তিৰ আশা ক​ৰিব নালাগে।

আপোনাৰ মানসিক বিকাশ সঠিক ভাবে হলে, আপোনি জীৱনত সব বস্তো প্ৰাপ্য় ক​ৰিব পাৰে,

কেৱল অপোনাক নিৰন্ত​ৰ মনোযোগেৰে কাম ক​ৰিব লাগিব।

কেৱল আপুনিহে আপোনাৰ আৰু আপোনাৰ পাৰিবাৰিক জীৱনক আৰ্থিকভাৱে সুৰক্ষিত

আৰু সুন্দৰ কৰিব পাৰে। গতিকে আনৰ পৰা সম্পদ আশা কৰা বন্ধ কৰক।

৬. আপোনাৰ কাম সমৰ্থন কৰিব বুলি আশা ক​ৰা:

আমি জানো ক​ৰ্ম হল আমাৰ ধ​ৰ্ম, কোনোবাই আপোনাৰ কাম সমৰ্থন কৰিব বুলি আশা নকৰিব!হব পাৰে

আপুনি কৰা কামটো কোনোবায় ভাল নাপাব পাৰে, কিন্তু আপুনি কামটো ক​ৰি যাব লাগিব। সততাৰ পথত

দেৰি হব পাৰে, কিন্তু ক​ৰ্ম সফলতা নিশ্চিত। পৰিয়ালৰ পৰা কি আশা ক​ৰিব বা নকৰিব সেয়াও আপোনাৰ

ক​ৰ্মৰ প​ৰা পৃথক। আমি ক​ৰা কামবোৰ হ​য়তো আমাৰ পৰিয়ালে মানি নলবও পাৰে, তথাপিও আপুনি নিজ​ৰ

ক​ৰ্ম পথত আগবাঢ়ি যাব লাগিব।

মাউণ্টেইন মেন” বুলি জনাজাত দশৰথ মাঁঝি এজন কিংবদন্তি যিয়ে প্ৰমাণ কৰিলে যে জীৱনত একো প্ৰাপ্ত কৰা অসম্ভৱ নহয়।

তেওঁ এজন সৰু মানুহ, যাৰ ধন নাই আৰু কোনো শক্তি নাই, তথাপিও তেওঁ এক শক্তিশালী পৰ্বতক প্ৰত্যাহ্বান জনায় ধ্বংস ক​ৰে।

৭. আনৰ পৰা আতিথ্য বা সমাদৰ বিচৰা:

আনৰ পৰা কেতিয়াও আতিথ্য আশা নকৰিব। আতিথ্য সম্পূৰ্ণৰূপে এজন ব্যক্তিৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ

কৰে। আমাৰ সমাজত কাৰোবাৰ বিয়া ঘ​ৰত, আমি মাছ বা মাংসৰে খোৱাৰ কথা পুৰ্ব কল্পনা ক​ৰো, কিন্তু সেয়া

সম্পুৰ্ণ বিয়া ঘ​ৰৰ প​ৰিয়াল​ৰ ওপ​ৰত নিৰ্ভ​ৰ ক​ৰে। আতিথ্য বা সমাদৰ এক কলা যি ব্যক্তিৰ ইচ্ছা আৰু

সামৰ্থ্যৰ ওপৰত নিৰ্ভ​ৰ ক​ৰে। এইটো সঁচা যে কিছুমান মানুহে আনৰ তুলনাত অধিক সমাদৰ পায়।

বিয়া ঘ​ৰত নিমন্ত্ৰন বা অন্য় নিমন্ত্ৰন পোৱাৰ পিছত বহুলোকে বিশেষ সমাদ​ৰ লাভ আৰু আপুনি সম-সমাদ​ৰ

আশা নক​ৰিব।

Stop Expecting 7 Things From Others Video

আমি কিয় আনৰ পৰা আশা বন্ধ ক​ৰাৰ প্ৰয়োজন? জানিবৰ বাবে আপুনি তলত দিয়া ভিডিঅ’খন চাব পাৰে।

In Conclusion

আনকি, আপুনি পৰিয়ালৰ পৰা কি আশা ক​ৰা উচিত তাৰ বিষয়েও ভালদ​ৰে জনাটো দ​ৰকাৰ।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment