Saubhagya Scheme: সৌভাগ্য আঁচনিৰ বিনামূলীয়া বিদ্যুৎ সংযোগ

Saubhagya Scheme | সৌভাগ্য আঁচনি (yojona)ৰ বিনামূলীয়া বিদ্যুৎ সংযোগ :আজিলৈকে, ভাৰত চকাৰৰ দ্ৱাৰা মুঠ ২.৮৬ কোটি পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে।

চমুকৈ (In Short)

সৌভাগ্য আঁচনি কি হ​য়, ইয়াৰ পৃষ্ঠভূমি, লক্ষ্য, লাভ আৰু যোজোনাৰ

প্ৰ​য়োজনীয়তা এই লিখনত আলোচনা ক​ৰা হ’ব।

সৌভাগ্য আঁচনিৰ পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা (Sahaj Bijli Har Ghar Yojana) হিচাপে আঁচনিখন জনাজাত।

মাননীয় প্ৰধানমন্ত্ৰীয়ে 25 ছেপ্টেম্বৰ, 2017 তাৰিখে ‘সৌভাগ্য’ আঁচনিখন আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰিছিল।

এই পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰতা ৰেখা (APL) তলত বসবাস ক​ৰা পৰিয়ালক বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা।

আঁচনিৰ টেগ লাইন:- প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা (Pradhan Mantri Sahaj Bijli Har Ghar Yojana)

আঁচনিখনৰ অধিনত অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়াল আৰু চহৰাঞ্চলৰ অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত সকলো পৰিয়ালক অন্তৰ্ভুক্ত কৰা হৈছে।

Also read ৰাষ্ট্ৰীয় পুষ্টি অভিযান

আঁচনিৰ ব্যয় হৈছে ₹ ১৬,৩২০ কোটি , যাৰ ভিতৰত আছে ₹১২,৩২০ কোটি মুঠ বাজেটীয় সমৰ্থন প​ৰা লোৱা হ​য়।

গ্ৰাম্য বৈদ্যুতিকৰণ নিগম (Rural Electrification Corporation)ক সৌভাগ্য আঁচনি ৰূপায়ণৰ বাবে দায়বদ্ধ নোডেল এজেঞ্চী (nodal agency) হিচাপে মনোনীত কৰা হৈছে।

সৌভাগ্য আঁচনি

সৌভাগ্য আঁচনিৰ উদ্দেশ্যেসমূহ

ক) গ্ৰাম্য অঞ্চলৰ সকলো বৈদ্যুতিকৰণ বিহীন পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান ক​ৰা
খ) নগৰাঞ্চলৰ সকলো অৰ্থনৈতিকভাৱে দৰিদ্ৰ বিদ্যুতবিহীন পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান ক​ৰা।
গ) দূৰৱৰ্তী আৰু দুৰ্গম গাওঁ বা বাসস্থানত অৱস্থিত বিদ্যুতবিহীন পৰিয়ালবোৰৰ বাবে সৌৰ ফটোভল্টেইক (SPV) ব্যবস্থা প্ৰদান ক​ৰা।

অ-দৰিদ্ৰ নগৰীয়া পৰিয়ালবোৰক এই আঁচনিৰ পৰা বাদ দিয়া হৈছে।

সৌভাগ্য আঁচনি (Saubhagya Yojona)ৰ বিৱৰণ

এই য়োজোনাৰ বিৱৰণ তলত তালিকাত দিয়া হৈছে:-

Saubhagya Scheme Details
আৰম্ভ তাৰিখ (Launched On)25 ছেপ্টেম্বৰ 2017
উদ্বোধন (Launched By)মাননীয় প্ৰধানমন্ত্ৰীয় শ্ৰী নৰেন্দ্ৰ মোডী
শ্ৰেণী (Category)দৰিদ্ৰতা অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়াল
ৰূপায়ণ (Implemented by)Ministry of Power (Indian Government)
হিতাধিকাৰী (Beneficiary)অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়াল
উদ্দেশ্য (Motive)দৰিদ্ৰতা লোকসকলক বিজুলী প্ৰদান ক​ৰা
অফিচিয়েল ৱেবছাইট (Website)https://saubhagya.gov.in/
আবেদন প্ৰক্ৰিয়া অফলাইন ( Offline)

সৌভাগ্য পৰ্টেল অনুসৰি, আঁচনিৰ সময়ছোৱাত মুঠ ২৯ খন ৰাজ্যই অংশগ্ৰহণ কৰিছে।

সৌভাগ্য আঁচনিৰ মুখ্য লক্ষ্যসমূহ

বিশ্বৰ অন্যতম বৃহৎ সাৰ্বজনীন বৈদ্যুতিকৰণ প্ৰচেষ্টা হ’ল সৌভাগ্য আঁচনি

সৌভাগ্য আঁচনিৰ মুখ্য লক্ষ্য হ’ল ভাৰতৰ 100% গাওঁ বৈদ্যুতিকৰণ ক​ৰা

ই দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি (Dayal Upadhyaya Gram Jyoti Yojana -DDUGJY)ৰ বাবে এক সমকালীন কাৰ্যসূচী যোজনা।

সৌভাগ্য আঁচনি Saubhagya Scheme

ভাৰত চৰকাৰে দেশৰ সকলো বৈদ্যুতিকৰণ বিহীন পৰিয়ালৰ বৈদ্যুতিকৰণ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ ক​ৰিছে।

এই আচঁনিত, ভাৰত চ​ৰকাৰে হিতাধিকাৰী চিনাক্তকৰণৰ বাবে মোবাইল এপ (Mobile App)ৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰসহ ইলেক্ট্ৰনিক পঞ্জীয়নৰ ওপৰত গুৰুত্ব প্ৰদান ক​ৰে।

কোন সৌভাগ্য আঁচনিৰ বাবে যোগ্য়

দেশত বাস কৰা যিকোনো নাগৰিকে প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনাৰ সুবিধা ল’ব পাৰে কিন্তু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিম্নলিখিত যোগ্যতা নিৰ্ধাৰণ কৰিছে:-

key point আবেদনকাৰী ঘৰত বিদ্যুৎ নথকা দৰিদ্ৰ পৰিয়ালৰ হব লাগিব।

key point আগতীয়াকৈ পৰিয়ালৰ সদস্য়ৰ নাম আৰ্থ-সামাজিক লোকপিয়লত পঞ্জীয়ন বা লিপিবদ্ধ হব লাগিব।

key point আৱেদনকাৰীসকলে ₹ 500 পৰিশোধ কৰিব লাগিব আৰু তেওঁলোকে এই ধন 10 টা কিস্তিত দিব পাৰে।

সৌভাগ্য আঁচনিৰ আবেদনকাৰীৰ প্ৰয়োজনীয় নথিপত্ৰ

এই আঁচনিৰ প্ৰয়োজনীয় নথিপত্ৰ তলত দিয়া হৈছে:-

  1. আধাৰ কাৰ্ড,
  2. ভোটাৰ পৰিচয় পত্ৰ,
  3. ঠিকনা প্ৰমাণ,
  4. ম’বাইল নম্বৰ,
  5. বাসস্থানৰ প্ৰমাণপত্ৰ
  6. পাছপোৰ্ট আকাৰৰ ফটো

সৌভাগ্য আঁচনিৰ প্ৰ​য়োজনীয়তা

সৌভাগ্য আঁচনিৰ প্ৰ​য়োজনীয়তাৰ বিবৱৰণ তলত দিয়া হৈছে:-

key point সকলো গ্ৰাম্য অঞ্চলৰ বৈদ্যুতিকৰণ বিহীন পৰিয়ালক জীৱনৰ মানদণ্ড উন্নত কৰা।

key point বিদ্যুতবিহীন পৰিয়ালবোৰকো 500 টকা পৰিশোধ কৰি আঁচনিখনৰ অধীনত বিদ্যুৎ সংযোগ প্ৰদান কৰা

key point বিশেষকৈ মহিলাসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰা।

FAQ

What is the Saubhagya scheme for electricity?

Which state is best for Saubhagya scheme?

What is the scheme for rural electricity?

সৌভাগ্য আঁচনি আৰু দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি আঁচনি গ্ৰাম্য় বৈদ্যুতিকৰণৰ ওপৰত গুৰুত্ব প্ৰদান ক​ৰে।

Who are eligible for Saubhagya scheme?

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment