Over 5000 Dengue Cases In Nepal :নেপালত ডেংগুৰ ভ​য়ানক প্ৰভাৱ

Over 5000 Dengue Cases In Nepal: শেহতীয়াকৈ পৃথিৱীৰ বহুতো দেশত ডেংগুৰ প্ৰভাৱ বৃদ্ধি পাইছে।

তাৰে ভিতৰত , নেপালত বিশেষভাৱে ডেংগু ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

বাতৰি অনুসৰি, নেপালে ডেংগুৰ ৫০০০ৰো অধিক ব্যক্তি আক্রান্ত হৈছে।

নেপালত ১০ খন জিলা ডেংগুৰ দ্বাৰা প্ৰভাৱিত হৈছে।

অনুগ্ৰহ কৰি শেহতীয়া আপডেটৰ বাবে আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰিবলৈ নাপাহৰিব।

For New Updates, Join টেলিগ্ৰাম (Telegram)

তাৰে ভিত​ৰত জিলাসমুহ নামবো হৈছে চুনচাৰী (Sunsari) , ধাডিং (Dhading), কাস্কি (Kaski), দৰচুলা (Darchula), কাঠমাণ্ডু (Kathmandu) , সংখুৱাসভা ( Sankhuwasabha) , মিয়াগদি (Myagdi), মৰাং ( Morang), কাঞ্চনপুৰ (Kanchanpur) আৰু ঝাপা (Jhapa)।

এতিয়া লৈকে, কেৱল চুনচাৰীৰ ৩,৪৮৬ টা ব্যক্তি আক্রান্ত হৈছে।

আনহাতে কাঠমাণ্ডুত ৯৬ টা আৰু ঝাপাত ৫৬ টা ডেংগুৰ ঘটনা তালিকাভুক্ত ক​ৰা জানিব প​ৰা গৈছে।

শেহতীয়াকৈ, ডেংগু (Dengue) নিয়ন্ত্ৰণ অভিযান বাবে পূব নেপালৰ ধাৰানত সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে।

Also read নেপালক ৩৪ খন এম্বুলেন্স আৰু ৫০ খন স্কুল বাছ উপহাৰ

ধাৰণ (Dharan) উপ-মহানগৰৰ মুখ্য প্ৰশাসনিক বিষয়াই কৈছিল যে পৰিষ্কাৰ পানীত বিকশিত হোৱা মহৰ লাৰ্ভা (Aedes aegypti)ৰ সন্ধান আৰু ধ্বংসৰ কাৰ্যকৰীভাৱে অভিযান চলাইছে।

আনকি, কাৰ্যকৰীভাৱে অভিযান চলাবলৈ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল।

নেপালত ৫০০০ ৰো অধিক (Over 5000 Dengue Cases In Nepal) ডেংগু ৰোগী চিনাক্ত ক​ৰা হৈছে।

জুনৰ প্ৰথম সপ্তাহৰ পৰা ডেংগু ভাইৰাছে আঠজন লোকৰ জীৱন লৈছে।

কোশী প্ৰদেশত ডেংগু সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে ধৰণৰ বিপি কৈৰালা স্বাস্থ্য বিজ্ঞান প্ৰতিষ্ঠানে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ এটা দল একত্ৰিত কৰিছে।

আনকি, স্থানীয় চৰকাৰ আৰু সংক্ৰমিত অঞ্চলৰ সকলো অংশীদাৰক অন্তৰ্ভুক্ত কৰি সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment