Nikola Tesla Biography: নিকোলা টেছলাৰ জীৱনী

Nikola Tesla Biography: নিকোলা টেছলাৰ জীৱনী | Tesla coil উদ্ভাৱক: টেছলা হৈছে শতিকাৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী, যিয়ে বিশ্বক হাজাৰ হাজাৰ বিদ্যুত নতুন পথ প্ৰদ​ৰ্শন ক​ৰি আলোকিত কৰিছিল।

মহান মন, কিবা এটা সম্পাদন কৰাৰ আগ্ৰহৰ গৰাকী আছিল টেছলা (Nikola Tesla)।

এলন মাস্কে (Elon Musk) তেওঁৰ বৈদ্যুতিক গাড়ী কোম্পানীক প্ৰখ্যাত আৱিষ্কাৰক আৰু বৈদ্যুতিক অভিযন্তা নিকোলা টেছলাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে “টেছলা (Tesla)” নাম দিছিল।

এই ব্লগ পোষ্টটোৱে অসাধাৰণ আৱিষ্কাৰকজনৰ জীৱনৰ ওপৰত আলোকপাত ক​ৰা হৈছে।

নিকোলা টেছলাৰ জীৱনী | Nikola Tesla Biography

জন্ম: ১৮৫৬ চনৰ ১০ জুলাইত স্মিলজান (Smiljan)ত (now known as Croatia) জন্ম গ্ৰহণ ক​ৰিছিল।

নিকোলা টেছলাৰ দেউতাকৰ নাম আছিল মিলুটিন টেছলা (Milutin Tesla), আৰু তেওঁৰ মাতৃৰ নাম আছিল জৰ্জিনা ডুকা টেছলা (Georgina Đuka Tesla)।

নিকোলা টেছলাৰ দেউতাক মিলুটিন এজন ছাৰ্বিয়ান অৰ্থোডক্স পুৰোহিত (Serbian Orthodox priest) আছিল।

তেওঁৰ মাক কাৰুশিল্পৰ সঁজুলি আৰু যান্ত্ৰিক সঁজুলি ৰচনা কৰাত বিশেষজ্ঞ আছিল।

নিকোলা টেছলাৰ ডেন টেছলা (Dane Tesla) নামৰ এজন ভাতৃ আছিল। ঘোঁৰা চালনাৰ দুৰ্ঘটনাত ডেন টেছলাৰ মৃত্যু হৈছিল।

ডেন টেছলা আছিল তেওঁৰ ভাল বন্ধু আৰু তেওঁৰ মৃত্যুয়ে নিকোলাৰ জীৱনত বেয়া প্ৰভাৱ পেলাইছিল।

নিকোলা টেছলাই অষ্ট্ৰিয়ান সাম্ৰাজ্য (Austrian Empire)-ত (বৰ্তমানৰ আধুনিক ক্ৰোৱেছিয়া) প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।

শিক্ষা: ১৮৬২ চনত, তেওঁলোকে গস্পিক চহৰলৈ স্থানান্তৰিত হয় আৰু তাতে তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল।

তেওঁ টমিঙ্গাজ (Tomingaj) গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল আৰু ১৮৭০ চনত, কাৰ্লোভাক (Karlovac) চহৰৰ হায়াৰ ৰিয়েল জিমনেচিয়ামত শিক্ষা অব্যাহত ৰাখিছিল।

এবাৰ, নিকোলা কলেৰা (Cholera) বেমাৰত ভুগিছিল আৰু তেওঁৰ জীৱনৰ কোনো আশা নাছিল।

সেইসময়ত, তেওঁৰ দেউতাকে সিদ্ধান্ত লৈছিল যে, তেওঁ নিকোলাক অভিযান্ত্ৰিক পঢ়িবলৈ বাধা নিদিব,

কিয়নো, তেওঁ আগতে নিকোলাক পুৰোহিত বনোৱাৰ পৰিকল্পনা কৰি আছিল।

তাৰ পিছত টেছলাই অষ্ট্ৰিয়াৰ গ্ৰাজ (Graz)-ৰ অষ্ট্ৰিয়ান পলিটেকনিক (Austrian Polytechnic)-ত অধ্যয়ন কৰিছিল।

তেওঁ অভিযান্ত্ৰিক আৰু পদাৰ্থ বিজ্ঞান (Physics) অধ্যয়ন কৰিছিল।

আৰু পিছলৈ চেক গণৰাজ্য (Czech Republic)-ৰ প্ৰাগৰ চাৰ্লছ-ফাৰ্ডিনাণ্ড বিশ্ববিদ্যালয় (Charles-Ferdinand University)ত অধ্যয়ন ক​ৰিব হৈছিল, কিন্তু,তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰা নাছিল।

নিকোলা টেছলাৰ জীৱন সংগ্ৰাম | Nikola Tesla Biography

চাক​ৰি জীৱন : ১৮৮১ চনত, টেছলাই আমেৰিকাল টেলিফোন এক্সচেঞ্জ কোম্পানী, বুদাপেষ্ট (Budapest) চহৰত ড্ৰাফ্টছমেন (Draftsman)-ৰ চাক​ৰি যোগদান কৰিছিল।

এক বছ​ৰ পিছত (১৮৮২ চনত), তেওঁ Continental Edison Company-ত নতুন চাক​ৰিত যোগদান ক​ৰে, যি পেৰিছ (Peris) চহৰ আছিল।

২ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত, তেওঁ নিউয়ৰ্ক (New York)-ৰ এডিচন কোম্পানীত কাম কৰাৰ সুযোগ পাইছিল।

নিকোলা টেছলা VS থমাছ আলভা এডিচন

এই কোম্পানীটোত, তেওঁ ডিচি লাইট (DC light)-ৰ সৈতে কাম কৰি থকা থমাছ এলভা এডিচন (Thomas Elva Edison-কোম্পানীৰ মালিক)-ক লগ পাইছিল।

এডিচনৰ ডিচি লাইট (DC light) কেৱল চমু দূৰত্বত থকা সৰু ডিভাইচ (Small lighting device)ৰ বাবে উপযোগী আছিল।

আৰু নিকোলা এচি লাইট (AC light)-ৰ ওপ​ৰত কাম ক​ৰিব বিচাৰিছিল, যি লাইট বহু দূৰলৈকে সম্প্ৰসাৰণ ক​ৰিব পাৰে।

থমাছ এলভা এডিচন জানিছিল যে, তেওঁৰ কোম্পানী DC লাইটৰ বাবে ভালদ​ৰে চলি আছিল আৰু যদি নিকোলাৰ AC lights আহে, তেনেহলে, তেওঁৰ কোম্পানী বিপদত প​ৰিব পাৰে।

গতিকে, তেওঁ নিকোলা টেছলাক DC light উন্নত ক​ৰাৰ বাবে এক কঠিন কাম দিছিল, যাৰ বাবে তেওঁ Tesla-ক $৫০,০০০ ডলাৰ দিয়াৰ কথা কৈছিল।

মন কৰিব যে , সেই সম​য়ত এই কামটো সকলোৰে বাবে অসম্ভৱ আছিল। কিন্তু,টেছলাই ৩ মাহ​ৰ কঠোৰ পৰিশ্ৰম ক​ৰি তাৰ সমাধান উলিয়াই পেলাইছিল।

আচৰিত ভাৱে, থমাছে টকাখিনি পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল যে- তেওঁ নিকোলাৰ লগত ধেমালি কৰি আছিল।

এই ঘটনাৰ পিছত, এচি । ডিচি কাৰেণ্টৰ যুদ্ধ (ACDC war) আৰম্ভ হৈছিল আৰু টেছলাই, থমাছ কোম্পানী এৰি ছিল।

এই মহান বিজ্ঞানীজন বাৰে বাৰে বিফলতা, প্ৰতাৰণা আৰু হতাশাৰ মাজেৰে জীৱন পাৰ হ’বলগীয়া হৈছিল।

সম​য় ইমান বেয়া হৈ প​ৰিছিল যে তেওঁ ২ ডলাৰ টকাত গাঁত খন্দাৰ কাম ক​ৰিব লগা হৈ পৰিছিল।

নিকোলা টেছলা উদ্ভাৱক ৰূপে

সৌভাগ্যক্ৰমে, তেওঁৰ সম্পৰ্ক ৱেষ্টাৰ্ণ ইউনিয়নৰ অধীক্ষক আলফ্ৰেড ব্রাউন আৰু নিউয়ৰ্কৰ এটর্নী চাৰ্লছ পেক্স লগত হৈছিল।

এই দুয়োয়ে তেওঁৰ পেটেণ্টসমূহ সমৰ্থন আৰু চম্ভালিবৰ দায়িত্ব লৈছিল আৰু তিনিও জনে এক নতুন কোম্পানী Tesla Electric Company আৰম্ভ ক​ৰিছিল।

তাৰ পিছত, টেছলাই ইণ্ডাকচন মটৰ নিৰ্মাণত নামি পৰিছিল। 1988 চনত, তেওঁ বিশ্বক এচি (AC) বিদ্যুতৰ ধাৰণা দেখুৱাইছিল।

কিন্তু, এডিচনৰ দুষ্ট চকু আৰু ছলনাৰ বাবে তেওঁ বহু প্ৰকল্পৰ পৰা হাত সাৰিব লগা হৈছিল।

টেছলাই নিজৰ কেৰিয়াৰৰ শিখৰত উপনীত হৈ তিনিটা নতুন জেনেৰেটৰও ডিজাইন কৰিছিল।

যি নায়াগ্ৰা জলপ্ৰপাতৰ প​ৰা ৫০০ Horse power বিদ্যুৎ উৎপাদন ক​ৰিব সক্ষম আছিল।

এয়া এক মহান প​ৰিকল্পনা আছিল, যি বিশ্বৰ তেলৰ লেম্পৰ অন্ত ক​ৰি নবীকৰণযোগ্য শক্তিৰ নতুন পথ উদ্ভাৱন হব গৈ আছিল।

কিন্তু, ৱেষ্টিংহাউচ ইলেক্ট্ৰিক কৰ্পোৰেচন লোকচানত আছিল, যাৰ বাবে তেওঁ কোম্পানীটোক বচাবলৈ নিজৰ ৰয়েল্টি বাদ দিছিল আৰু নবীকৰণযোগ্য শক্তি পৰিকল্পনাৰ তাতে অন্ত পৰে ।

আজিৰ দিনত Nikola Tesla-ই এৰি দিয়া ৰয়েল্টি টকাৰ পৰিমান ২২৭৪ কোটি হ’ব।

এই ঘটনাই প্ৰামাণ কৰে যে- তেওঁৰ বিত্তীয় সুৰক্ষাৰ নিন্ম চিন্তা আৰু নিজ​ৰ উদ্ভাৱনসমূহ কেৱল মান​ৱ সেৱাৰ বাবে উৎসৰ্গা ক​ৰিছিল।

Tesla coil উদ্ভাৱক

তেওঁ নিজৰ ৩০০টা উদ্ভাৱনক পেটেণ্ট ক​ৰাইছিল আৰু এই মহান বিজ্ঞানীজন Tesla coil উদ্ভাৱক আছিল।

Tesla coil কাম হ’ল উচ্চ-কম্পনাঙ্কৰ ট্ৰেন্সফৰ্মাৰ (high-frequency transformer), যি নিম্ন বিদ্যুতত অতি উচ্চ ভল্টেজ (voltage) সৃষ্টি কৰিব পাৰে।

voltage: বৈদ্যুতিক বৰ্তনীএটাত দুটা বিন্দুৰ মাজত বৈদ্যুতিক সম্ভাৱ্য পাৰ্থক্যৰ এক জোখ আৰু ভল্টেজ, প্ৰায়ে ভল্টত জোখা হয়।

ভৱিষ্যতত, গুগ্লিএলমো মাৰ্কনি (Guglielmo Marconi)-য়ে তেওঁৰ ৰেডিঅ’ তৰংগ signals-ৰ ধাৰণা ব্যৱহাৰ ক​ৰিছিল, যি টেছলাৰ তত্ত্বৰ ওপ​ৰত আধাৰিত আছিল।

Also read থমাছ এডিচনৰ Biography

ইনডাকচন মটৰ, টেছলা কইল, আৰু শক্তিৰ ৱায়াৰলেচ ট্ৰেন্সমিচন হৈছে মাত্ৰ কেইটামান উদাহৰণ যি প্ৰযুক্তিৰ ওপৰত তেওঁৰ বিস্তৃত প্ৰভাৱ কঢ়িয়াই আনে।

তেওঁৰ গুৰুত্বপূৰ্ণ কামে বহুতো উন্নতিৰ ভেটি স্থাপন কৰিছিল আৰু যি বিদ্যুৎ উৎপাদনৰ পৰা বেতাঁৰ (Wireless) যোগাযোগলৈকে সকলোকে প্ৰভাৱিত কৰিছিল।

মৃত্যু: ১৯৪৩ চনৰ ৭ জুনত নিউ য়ৰ্কাৰ হোটেলৰ ৩৩ মহলাত থকা ৩৩২৭ নম্বৰৰ কোঠাত, তেওঁক মৃত পোৱা গৈছিল।

Conclusion

Nikola Tesla Biography: টেছলাই ফৰাচী আৰু জাৰ্মান ভাষা ক’ব জানিছিল, যি তেওঁৰ আন এক বুদ্ধিমত্তাৰ প্ৰমান দিয়ে।

Tesla coil উদ্ভাৱক (Inventor)-জন​ৰ উত্তৰাধিকাৰ আধুনিক সমাজৰ গাঁথনিৰ মাজেৰে প্ৰতিধ্বনিত হয়।

নিকোলা টেছলাৰ জীৱনী এক পৃষ্ঠাত সমাপ্তি ক​ৰাটো অসম্ভৱ , কিন্তু আমি এই লিখনিত যিমান সম্ভৱ, প্ৰকাশ ক​ৰিছো।

আমাৰ ব​ৰ্তমান​ৰ বহুতো বৈপ্লৱিক উন্নতিৰ আঁৰত থকা দূৰদৰ্শী মনৰগৰাকীক, আমি কেতিয়াও পাহৰিব নোৱাৰিম।

অনুগ্ৰহ কৰি নিকোলা টেছলাৰ বিষয়ে তলত আপোনাৰ মন্তব্য লিখক। আমি আপোনাৰ কথা শুনি সুখী হ’ম।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment