Neeraj Chopra takes second place in javelin throw| নীৰজ চোপ্ৰা | জেভলিন থ্ৰো : জুৰিখ ডায়মণ্ড লীগ ২০২৩: নীৰজ চোপ্ৰাই জেভলিন থ্ৰোত দ্বিতীয় স্থান লাভ কৰে।
ভাৰতৰ নীৰজ চোপ্ৰা নতুন বিশ্ব চেম্পিয়ন হোৱাৰ মাত্ৰ এসপ্তাহ পিছতে শুকুৰবাৰে চুইজাৰলেণ্ডত অনুষ্ঠিত জুৰিখ ডায়মণ্ড লীগ ২০২৩ত অংশ গ্ৰহন কৰে।
তেওঁ পুৰুষৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে।
এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা আছিল ৮৫.৭১ মিটাৰ।
আৰু যিটো তেওঁৰ অন্তিম থ্ৰোৰত স্থিৰ কৰা হৈছিল।
Also read এছিয়া কাপ ২০২৩ -ৰ বাবে টীম ইণ্ডিয়া ঘোষণা
চেক গণৰাজ্য (Czech Republic)ৰ জাকুব ভাদলেজচ (Jakub Vadlejch) ৮৫.৮৬ মিটাৰৰ সৈতে প্ৰথম স্থান দখল কৰে।
মন কৰিব যে, নীৰজ চোপ্ৰাৰ শ্ৰেষ্ঠ থ্ৰো হৈছে ৮৯.৯৪ মিটাৰ, এক ৰাষ্ট্ৰীয় অভিলেখ।
অৱশ্যে, বুদাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত এক ঐতিহাসিক স্বৰ্ণ নীৰজ চোপ্ৰাৰ নামতে আছে।
নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান| Neeraj Chopra Takes Second Place
নীৰজ চোপ্ৰাই কয় যে-
“মই এতিয়া বহুত ভাল অনুভৱ কৰিছো, কিয়নো বিশ্ব চেম্পিয়নশ্বিপৰ পিছত সকলোৱে অলপ ভাগৰুৱা অনুভৱ কৰি আছো।
আমি তাত আমাৰ ১০০ শতাংশ দিছিলো, কিন্তু এই প্ৰতিযোগিতাৰ বাবে মোৰ লক্ষ্য আছিল কেৱল স্বাস্থ্যৱান হৈ থকা।
আৰু আমি এতিয়া ইউজিন (ডায়মণ্ড লীগ ফাইনেল – Diamond League Final) আৰু তাৰ পিছত এছিয়ান গেমছৰ বাবে মনোনিৱেশ কৰিব লাগিব।”
তেওঁ কয় যে,”মোৰ বাবে, কেৱল স্বাস্থ্যৱান হৈ থকা আৰু মোৰ পৰৱৰ্তী প্ৰতিযোগিতাত মোৰ ১০০ শতাংশ দিয়াৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন ।”
পুৰুষৰ জেভেলিন থ্ৰো দ্বিতীয় স্থান লাভ কৰাটো কোনো ডাঙৰ কথা নহয়,
তেওঁৰ ভৱিষ্যতৰ প্ৰদৰ্শনে আমাক নতুন চমক দিব বুলি আশা কৰিব পাৰি।