Japan Airlines Flight-516 erupts in flames | জাপানত ফ্লাইটত জুই: আজি জাপানত এয়াৰলাইনছ এখন অৱতৰণ কৰা সময়ত জুই লগা দেখা পোৱা গৈছে।
যাত্ৰীবাহী এয়াৰলাইনচ জেটখনত প্ৰায় 379 জন লোকৰ সৈতে অৱতৰণ কৰিছিল আৰু এয়াৰলাইনচৰ উইংছত জুই জ্ৱলিছিল।
অৱশ্য়, বিমানখন টকিঅৰ বিমানবন্দৰ স্পৰ্শ কৰাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নোমোৱাৰ বাবে তৎখনাত সক্ৰিয় হৈ পৰিছিল।
জাপান বৰ্তমান ভূমিকম্প ৰক্ষাৰ প্ৰচেষ্টাত ব্ৰত হৈ আছে আৰু তাৰে মাজতে এই ঘটনাই জাপানত বেয়া প্ৰভাৱ পেলাইছে।
Japan Airlines Flight-516 erupts flames | জাপানত ফ্লাইটত জুই
জাপান এয়াৰলাইনছৰ ফ্লাইট-516 টকিঅ’ৰ হানেদা বিমানবন্দৰ (Tokyo’s Haneda Airport)-ত জুইত জ্বলি উঠিছিল।
মঙলবাৰে টকিঅ’ৰ হানেদা বিমানবন্দৰত সংঘটিত এক শোকাৱহ ঘটনাত পাঁচজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়।
য’ত শ শ যাত্ৰী কঢ়িয়াই অনা জাপান এয়াৰলাইনছৰ এখন বিমান ভূমিকম্প ৰক্ষাকাৰী বিমানৰ সৈতে সংঘৰ্ষ হয় আৰু অৱতৰণৰ সময়ত জুই লাগে।
JAL flight 516-ৰ সকলো 379 জন আৰোহী, যাৰ ভিতৰত আঠটা নৱজাতক আছিল আৰু সকলোকে সুৰক্ষিতভাৱে সফলতাৰে স্থানান্তৰ কৰা হৈছিল।
ফ্লাইট-৫১৬ হোক্কাইডো প্ৰিফেকচাৰৰ চাপোৰোৰ নিউ চিটোজ বিমানবন্দৰৰ পৰা হানেদালৈ গৈ আছিল।
বিমানখনত আঠটা নৱজাতক আৰু ১২ জন কেবিন ক্ৰু (Crew members)-সহ মুঠ ৩৬৭ জন যাত্ৰী থকা বিমানখনে হানেদা বিমানবন্দৰত এই শোকাৱহ ঘটনাৰ সন্মুখীন হৈছিল।
অৱশ্যে, জাপান উপকূলৰক্ষী বাহিনীৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন বিমানত ৫ জন কৰ্মচাৰী মৃত্যুৰ সন্মুখীন হৈছিল।
শেহতীয়া বাতৰি অনুসৰি, বিমানৰ কেপ্টেইনজন এতিয়া সংকটজনক অৱস্থাত আছে আৰু ১৭ জন যাত্ৰী আহত হৈছিল।