How to Control Anger: খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব :- খং এটা স্বাভাৱিক মানৱীয় অনুভূতি।
কিন্তু যেতিয়া ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আহি আমাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলায়, তেতিয়া ই এটা
ডাঙৰ সমস্যা হৈ পৰে।
খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি or খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, এই বিষয়টোৰ ওপৰত আমি
আজি আলোচনা কৰিবলৈ ওলাইছো।
এই বিষয়ত, ইণ্টাৰনেটত বহুতো লিখা আছে। কিছুমানে কফি বা চাহ নাখাব বুলি কয়, কিছুমানে হাঁহি
থেৰাপীত যোগদান কৰিবলৈ ক’ব।
কিন্তু আমি বিশ্বাস কৰোঁ, ই এটা মগজুৰ খেল, যদি আপুনি এটা hochpoch পৰিস্থিতিত আপোনাৰ মগজু
নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেহ’লে আপোনাৰ শৰীৰ বা মুখ কেতিয়াও প্ৰতিক্ৰিয়া নকৰে।
কাৰণ আমাৰ শৰীৰ বা মুখ মগজুৰ সংকেতৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
গতিকে, খং কমাবৰ বাবে পৰিস্থিতি নহয়, মগজু নিয়ন্ত্ৰণ কৰাটোৱেই ভাল অভ্যাস হয়।
আমি বিশ্বাস কৰোঁ যে আমাৰ সমাধানে আপোনাক আপোনাৰ খং হ্ৰাস কৰি সুখী জীৱন বাছি লোৱাৰ পথ
দিব পাৰে।
খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ই আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে,
লগতে আমাৰ ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কৰ ক্ষতি কৰিব পাৰে। গতিকে, খং নিয়ন্ত্ৰণ কৰাটো অতি
গুৰুত্বপূৰ্ণ।
এই ব্লগত আমি খং নিয়ন্ত্ৰণ কৰাৰ কেইটামান সহজ আৰু প্ৰভাৱশালী উপায়ৰ বিষয়ে আলোচনা কৰিম।
খং কি আৰু ইয়াৰ কাৰণসমূহ
খং হৈছে এক প্ৰবল মানসিক প্ৰতিক্ৰিয়া, যি সাধাৰণতে কোনো অপ্ৰিয় ঘটনা, অন্যায় বা হতাশাৰ ফলত হয়।
How to Control Anger or খং আৰু কেনেকৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি!!
প্ৰত্য়ক ব্য়ক্তিৰ খংৰ কাৰণ বেলেগ বেলেগ হব পাৰে। তাৰে কিছুমান কাৰণ আমি তলত দাঙি ধৰিছো:
খং ৰ কাৰণসমূহ হ’ল:
- অপ্ৰত্যাশিত পৰিস্থিতি: যেতিয়া আমাৰ আশা অনুসৰি কাম নহয়, তেতিয়া খং উঠিব পাৰে।
- ন্যায় বিচাৰ: যেতিয়া আমাৰ লগত অন্যায় হয় বা আমাক সন্মান প্ৰদৰ্শন নকৰা হয়, তেতিয়া খং উঠে।
- ভয় বা উদ্বেগ: ভয় বা চিন্তাই আমাক খং উঠাব পাৰে।
- শাৰীৰিক অসুবিধা: ভাগৰুৱা, ভোক লাগি থকা, বা শাৰীৰিক অসুস্থতাই খং বাড়াব পাৰে।
- অতীতৰ অভিজ্ঞতা: কেতিয়াবা অতীতৰ দুখদায়ক ঘটনাই বৰ্তমানতো আমাক খং উঠাব পাৰে।
খংৰ কু-প্ৰভাৱ (Side effects of anger on body)
ক্ৰোধৰ ফলত (negative impacts of anger) মানুহৰ শৰীৰত বহুতো নেতিবাচক প্ৰভাৱ পৰে।
আমি কিছুমান নেতিবাচক প্ৰভাৱ তলত দিছো, আপোলোকে যদি খং কম নকৰে , তেনেহলে আপুনি আৰু
আপোনাৰ পৰিবাৰ আজীৱন কষ্ট পাব:
- শাৰীৰিক স্বাস্থ্য: খংৰ বাবে ৰক্তচাপ বৃদ্ধি, হৃদৰোগ, মূৰৰ বিষ, আৰু অনিদ্ৰা হ’ব পাৰে।
- মানসিক স্বাস্থ্য: খংৰ বাবে উদ্বেগ, হতাশা, আৰু মানসিক চাপ বৃদ্ধি হয়।
- সম্পৰ্কৰ ক্ষতি: খংৰ বাবে পৰিয়াল, বন্ধু-বান্ধৱী, আৰু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে।
- কৰ্মক্ষেত্ৰত প্ৰভাৱ: খংৰ বাবে কৰ্মক্ষেত্ৰত উৎপাদনশীলতা কমি যায় আৰু বেয়া সিদ্ধান্ত ল’ব পাৰোঁ।
খং নিয়ন্ত্ৰণ কৰাৰ উপায় (How to Control Anger)
খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি: আপুনি খং নিয়ন্ত্ৰণ কৰাটো এটা দক্ষতা, আৰু ইয়াক অলপ অনুশীলনৰ দ্বাৰা শিকিব পাৰিব।
কেতিয়াবা, পৰিস্থিতিয়ে আপোনাক খং অনুভৱ কৰায়, এই ক্ষেত্ৰত পৰিস্থিতি বা আপোনাৰ সন্মুখৰ
ব্যক্তিজনৰ সৈতে জড়িত নহ’বলৈ সক্ৰিয় আৰু সজাগ হওক।
আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে অন্য ধৰণেৰে- যেনে সংখ্যা (১-১৫ৰ পৰা) বিপৰীত ক্ৰমত গণনা কৰা আৰম্ভ কৰি।
এটা জটিল পৰিস্থিতিত, য’ত আপুনি জানে যে আপুনি যদি প্ৰৱেশ কৰিছে, তেন্তে আপুনি খঙাল হৈ পৰিব,
এনে অৱস্থাত পিছলৈ যাওক বা যদি প্ৰৱেশ কৰিছে তেন্তে নিজকে সংখ্যা গণনা কৰাত মনোযোগ দিয়ক।
এই অভ্যাসে আপোনাক বৰ্তমানৰ পৰিস্থিতি নুশুনাত সহায় কৰিব আৰু এইদৰে আপোনাৰ মগজুৱে
পৰিস্থিতিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ সুবিধা পাব, কাৰণ আপোনাৰ মগজুৱে গাণিতিক সংখ্যাবোৰ
ওলোটা কৰাত ব্যস্ত হৈ আছিল।
যদি আপুনি ভাবে যে ১ৰ পৰা ১৫লৈ ওলোটাটোৱে আপোনাৰ বাবে কাম কৰা নাই, তেন্তে আপুনি ৮৭৬৩ ৰ
দৰে সংখ্যা এটা ধৰি ল’ব পাৰে আৰু প্ৰতিবাৰেই ৭ বিয়োগ কৰিবলৈ চেষ্টা কৰিব পাৰে।
আমি খঙক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায় তলত দিবলৈ গৈ আছো, আপোনালোকে শেষলৈকে পঢ়ি যাব পাৰে।
খং নিয়ন্ত্ৰণ কৰাৰ উপায় (Ways to control anger)
খঙক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায় (Ways to control anger) সমূহ তলত দিয়া হৈছে:-
১. শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ কৰক
যেতিয়া আপোনাৰ খং উঠে, প্ৰথমে শান্ত হ’বলৈ চেষ্টা কৰক। গভীৰভাৱে শ্বাস লওক আৰু ধীৰে ধীৰে উশাহ-
নিশাহ লওক। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰ আৰু মন শান্ত হ’ব।
২. নিজকে সময় দিয়ক
খং উঠিলে তৎক্ষণাত কোনো সিদ্ধান্ত নলব, আপুনি কিছু সময় লৈ চিন্তা কৰক। ইয়াৰ দ্বাৰা আপুনি ঠিক সিদ্ধান্ত লঽব পাৰিব।
আনকি প্ৰতিদিনে নিজকে সময় দি আপোনাৰ মগজুক প্ৰশিক্ষণ দিয়ক যিকো এটা ভাল অভ্যাসৰ সৈতে!!
উদাহৰণস্বৰূপে – গান গোৱা বা নাচ আৰম্ভ কৰা, ফুটবল খেলা, অকলে খোজ কঢ়া, কিতাপ পঢ়া, কোনো
একচন নথকা চিনেমা চোৱা।
৩. ব্যায়াম কৰক
খং নিয়ন্ত্ৰণ কৰাৰ আন এক উপায় হল ব্যায়াম কৰা।
মন কৰিব যে- ব্যায়াম কৰিলে শৰীৰত এণ্ডৰফিন (endorphins) নামৰ ৰাসায়নিক পদাৰ্থ নিঃসৃত হয়, যিয়ে
আপোনাক সুখী আৰু শান্ত কৰে।
৪. যোগ আৰু ধ্যান অভ্যাস কৰক
যোগ আৰু ধ্যানৰ দ্বাৰা মন শান্ত কৰিব পাৰি। নিয়মিত ধ্যান কৰিলে খং নিয়ন্ত্ৰণ কৰাটো সহজ হয়।
আপুনি হয়তো নাজানিবও পাৰে যে যোগে পেৰাচিম্পেথেটিক (parasympathetic) স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি
ক্ৰোধ হ্ৰাস কৰে, যিয়ে শিথিলতা বৃদ্ধি কৰে আৰু মনক শান্ত কৰে।
৫. কথা পাতক
খং উঠিলে কাৰোবাৰ সৈতে ভাল কথা পাতক। ইয়াৰ দ্বাৰা আপোনাৰ মনৰ ভাৰ কমিব আৰু সমস্যাটোৰ সমাধান পাব পাৰিব।
আপুনি এনে এজন ব্যক্তিৰ সৈতে কথা পাতিব পাৰে যিয়ে আপোনাক আৰু আপোনাৰ আৱেগক সঁচাকৈয়ে বুজি পায়।
যদি আমি ভুল নহও, তেন্তে তেওঁ আপোনাক এই পৰিস্থিতিৰ পৰা আহিবলৈ কিছু ইতিবাচক উপায় দিব।
৬. সমস্যাৰ সমাধান কৰক
আপোনাৰ খং উঠাৰ মূল কাৰণটো চিনাক্ত কৰি তাৰ সমাধান কৰিবলৈ চেষ্টা কৰক।
উদাহৰণস্বৰূপে, যদি আপোনাৰ কামৰ চাপৰ বাবে খং উঠে, তেন্তে কামৰ পৰিকল্পনা সলনি কৰিব পাৰিব।
আপুনি সময় মতে নিজকে পৰিচালনা কৰক, আৰু ভাল মানুহৰ লগত সংগ ৰাখক।
যদি নতুন মানুহৰ সৈতে যোগাযোগ ভাল নাপায়, তেন্তে কিতাপ পঢ়িবলৈ লাইব্ৰেৰী ব্যৱহাৰ কৰক।
৭.নিজৰ অনুভূতি লিখক
আপোনাৰ খং উঠিলে নিজৰ অনুভূতি লিখিবলৈ চেষ্টা কৰক।
ইয়াৰ দ্বাৰা আপুনি আপোনাৰ অনুভূতি বুজিব পাৰিব আৰু সমস্যাটোৰ সমাধান কৰিব পাৰিব।
যদি আপুনি দুখ বা নিজকে দোষী বুলি ভাবে, তেন্তে আপুনি ইয়াক কাগজত লিখিব পাৰে আৰু আপুনি ইয়াক
নদীত বৈ যাব দিব পাৰে বা এইটো কোনো বিশেষ ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিব পাৰে,
আৰু সেই ব্যক্তিজন আপোনাক সঁচাকৈয়ে বুজি পায় বা আপোনাৰ কথা শুনিব চেষ্টা কৰে।
আমি আপোনালোকক কিছুমান খঙক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায় ওপৰত দিছো, যদি ভাল লাগে তেনেহ’লে
আমাৰ টেলিগ্ৰাম চেনেলত যোগদান কৰক , যাতে আমি আপোনালোক আৰু বেছি lifeskill দিব পাৰো।
কি কৰিব যেতিয়া সন্তানৰ ওপৰত খং উঠে
আমি সকলোৱে জানো যে সন্তানৰ ওপৰত খং উঠাটো এটা সাধাৰণ ঘটনা।
পিতৃ-মাতৃ হিচাপে আমি সদায় সন্তানৰ শ্ৰেয় চিন্তা কৰোঁ, কিন্তু কেতিয়াবা তেওঁলোকৰ আচৰণ বা কথাবোৰে
আমাক খং উঠাব পাৰে।
এনে সময়ত খং নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ই আমাৰ সম্পৰ্ক আৰু সন্তানৰ মানসিক বিকাশৰ
ওপৰত প্ৰভাৱ পেলাব পাৰে।
আপোনাৰ সন্তানৰ ওপৰত খং উঠিলে কি কৰিব লাগে (What to do when you are angry with your
child),তাৰ ওপৰত বহু বহুতো গৱেষণা পত্ৰ ওলাইছে, তাৰে কিছুমান tips আমি তলত দিছো:-
১. শান্ত হ’বলৈ চেষ্টা কৰক
প্ৰথমে আপোনাৰ খং উঠিলে প্ৰথমে শান্ত হবলৈ চেষ্টা কৰক আৰু গভীৰভাৱে শ্বাস লওক।
ধীৰে ধীৰে উশাহ-নিশাহ লওক আৰু ইয়াৰ দ্বাৰা আপোনাৰ মন শান্ত হ’ব।
২. সন্তানৰ কথা শুনক
আপুনি খং উঠিলে তৎক্ষণাত সন্তানক ডাঙৰ মাত নিদিব বা মাৰ-পিট নকৰিব, প্ৰথমে আপুনি নিজৰ সন্তানৰ
সকলো কথা ভালদৰে শুনক।
ইয়াৰ পিছত তেওঁলোকে কামটো কৰাৰ সঠিক উপায় শিকাওক বা তেওঁক কোমলভাৱে জীৱন দক্ষতাটো
দিয়ক।
মনত ৰাখিব, আপোনাৰ শিশুৰ মগজু আপোনাৰ দৰে পৰিপক্ক নহয়, গতিকে এই সৰু মগজুটোৱে ভুল
কৰাৰ সম্ভাৱনা ১০০% থাকে।
৩. সন্তানক বুজাবলৈ চেষ্টা কৰক
আপোনাৰ সন্তানৰ আচৰণ বা কথাই খং উঠালে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক।
উদাহৰণস্বৰূপে, “তই এনেকৈ কৰিলে মই বেয়া পাওঁ, তই কিয় এনেকৈ কৰিলি?” বুলি সুধিব পাৰিব।
ইয়াৰ দ্বাৰা সন্তানে আপোনাৰ অনুভূতি বুজিব পাৰিব।
Also read: হাতত টকা নথকাৰ ৫টা অভ্যাস
তেওঁলোকক মৰম আৰু যত্নৰে শিকাওক, কাৰণ , যদি আপুনি তেওঁলোকক খঙত শিকাই, তেন্তে
তেওঁলোকেও নিজৰ সৰু ভাই-ভনীয়েকৰ লগতো একে আচৰণ কৰিব।
৪. সন্তানক শাস্তি নিদিব
জানেনে , ৫ বছৰ কাৰাগাৰত কটোৱাৰ পিছত যেতিয়া এজন চোৰ আমাৰ সমাজত ঘূৰি আহে, তেওঁ একেটা
অপৰাধ আকৌ আৰম্ভ কৰিব আৰম্ভ কৰে।
অৰ্থাৎ, শাস্তিয়ে তেওঁক কেতিয়াও একো শিকাব নোৱাৰে। জেলত তেওঁক সৎ চিন্তাৰ সৈতে এটা জীৱন দক্ষতা
বা হাতৰ কাম শিকালে ভাল হল হেতেন।
যাতে তেওঁ ঘূৰি আহি জীৱনৰ নৈতিক মূল্য কাৰ্যকৰী কৰিব পাৰে।
এতিয়া, আপোনাৰ সন্তানৰ কথা ভাবি চাওক, প্ৰথম কথা হ’ল তেওঁৰ মগজু পৰিপক্ক নহয়, তেওঁৰ শৰীৰ
কোনো শাৰীৰিক দুখ গ্ৰহণ কৰিবলৈ সাজু নহয় আৰু এনে পৰিস্থিতি আপুনি তেওঁৰ ভাল guide বা বন্ধু হৈ
আগবঢ়ায় লৈ যাব লাগিব।
গতিকে,নিজৰ সন্তানক কেতিয়াও শাস্তি নিদিব, যিমান পাৰে friend হ’ব চেষ্টা কৰক।
তেওঁৰ অনুভৱ আৰু আবেগক বুজিবলৈ চেষ্টা কৰক।
৫. সন্তানক ঈশ্বৰ প্ৰাৰ্থনা কৰা শিকাওক
ৰাতিপুৱা বা সন্ধিয়া, আপুনি আৰু আপোনাৰ পৰিয়ালে কোঠা বা মন্দিৰত বহিব পাৰে, ঈশ্বৰক ধন্যবাদ
জনাব পাৰে- তেওঁ দিয়া এই ভাল দিনটোৰ বাবে।
আপোনাৰ এই দৈনন্দিন অভ্যাসে আপোনাৰ সন্তানক ঈশ্বৰৰ ওপৰত বিশ্বাস দিব আৰু জীৱনৰ নৈতিকতা শিকিব।
আনকি, তেওঁলোকে জীৱনৰ গুৰুত্ব আৰু ইয়াৰ মূল্য বুজিব পাৰিব ।
কাৰণ, আমি বিশ্বাস কৰোঁ যে,আমাৰ স্কুলত শিকোৱা কোনো এনে কিতাপ নাই, যিয়ে আপোনাৰ শিশুৰ
জীৱনৰ মূল্য আৰু গুৰুত্ব দেখুৱায়।
আপুনি সন্তানৰ সৈতে সম্পৰ্ক উন্নত কৰিব পাৰিলে, তেওঁলোকৰ মানসিক বিকাশত সহায় হ’ব।
Conclusion
How to control your anger or খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? ইয়াৰ ওপৰত বহু কিতাপ আৰু জৰীপ লিখা হৈছে, কিন্তু বেলেগ
বেলেগ মানুষৰ খং উঠাৰ কাৰণ বেলেগ বেলেগ হয়, যাৰ বাবে আমি এক এনে পথ চাব লিগিব যিয়ে আমাৰ
সকলোৰে বাবে সমাধানৰ পথ দেখুৱাই।
What to do when you are angry with your child or আমি কি কৰিব যেতিয়া সন্তানৰ ওপৰত খং উঠে, সেই বিষয়েও এই লিখনিত কিছুমান tips দিছো
আশা কৰো আপোলোকে কিদৰে খং কমাব পাৰি? প্ৰশ্নৰ উত্তৰ এই blogpost ত পালে।
FAQ
খং নিয়ন্ত্ৰণ কৰাৰ উপায় আমি ইতিমধ্যে ওপৰত লিখিছো,আপোনালোকে পঢ়ি চাব পাৰে।
যেতিয়া আপুনি খং অনুভৱ কৰে, তেতিয়া দীঘলকৈ উশাহ এটা লওক আৰু পৰিস্থিতিৰ পৰা আঁতৰি আহক।
লগতে যিকোনো নেতিবাচক চিন্তাক প্ৰত্যাহ্বান জনাওক।
মনত ৰাখিব, আপুনি বিতৰ্ক নকৰাকে বিশ্বাস কৰা কোনোবা এজনৰ লগত শান্তভাৱে কথাবোৰ পাতিলে আপোনাৰ খং কমিব পাৰে।