FASTag Annual Pass 2025 সঁচাকৈয়ে লাভজনক নে? জানক প্ৰকৃত সঞ্চয়, সুবিধা আৰু কেনেকৈ পাব

FASTag বাৰ্ষিক পাছ ২০২৫ৰ মূল তথ্য

FASTag Annual Pass 2025
ৰাস্তাত বেছি সময় টোল প্লাজাত ৰৈ থাকিবলগীয়া হৈছে? চৰকাৰে আৰম্ভ কৰিছে FASTag বাৰ্ষিক টোল পাছ!

মাত্ৰ ৩,০০০ টকাত এবছৰৰ বাবে ২০০টা টোল প্লাজা পাৰ হ’ব পাৰিব। কেনেকৈ আবেদন কৰিব লাগে জানিবলৈ পঢ়ি যাওক!

১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব FASTag-ভিত্তিক বাৰ্ষিক টোল পাছ ব্যৱস্থা।

এই পাছখনে ব্যক্তিগত যান-বাহন (যেনে কাৰ, ভেন)ৰ বাবে সকলো ৰাষ্ট্ৰীয় ঘাইপথত (National Highways) সহজ আৰু সস্তীয়া যাত্ৰা সম্ভৱ কৰিব।

২০১৪ চনত প্ৰথম FASTag ব্যৱস্থা আৰম্ভ হৈছিল, য’ত RFID প্ৰযুক্তিৰ সহায়ত টোল নগদ নোহোৱাকৈ দিব পাৰিব।

আপোনাৰ গাড়ীখনৰ বাবে সকলো toll gate পাৰ ক​ৰিব প​ৰা annual পাছ মুকলি ক​ৰা হৈছে।

FASTag বাৰ্ষিক পাছৰ সুবিধা

ৰাজ্যসভালৈ দিয়া বিবৃতিত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গডকৰীয়ে কৈছে যে এই ব্যৱস্থাই গাড়ী মালিকসকলক টকা সঞ্চয় কৰাত সহায় কৰিব।

তেওঁ কৈছে, “টোল প্লাজাত জাম কমাৰ লগতে গাড়ী মালিকসকলে কিমান সঞ্চয় কৰিব পাৰে, সেয়া গাড়ীৰ ব্যৱহাৰ আৰু টোল প্লাজা পাৰ হোৱাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব”।

FASTag দাম আৰু বৈধতা

  • মাত্ৰ ৩,০০০ টকা দি এবছৰৰ বাবে বা ২০০টা টোল প্লাজা পাৰ হ’ব পাৰিব (যিটো আগতে ঘটে)
  • পাছখনে যিকোনো ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাত বৈধ হ’ব!

FASTag বাৰ্ষিক পাছৰ বাবে প্ৰয়োজনীয় কাগজপত্ৰ

  • গাড়ীৰ ৰেজিষ্ট্ৰেশন প্ৰমাণপত্ৰ (RC)
  • গাড়ী মালিকৰ পাছপোৰ্ট আকাৰৰ ফটো
  • KYC কাগজপত্ৰ
  • ID প্ৰমাণ আৰু ঠিকনা প্ৰমাণ

অনলাইনত কেনেকৈ আবেদন কৰিব?

1. Paytm, ICICI Bank, HDFC Bank আদিৰ দ্বাৰা FASTag কিনিব পাৰিব

2. NHAIৰ ৱেবছাইট বা অন্যান্য ই-কমাৰ্স ৱেবছাইটতো উপলব্ধ হ’ব

FASTag বাৰ্ষিক পাছৰ Renew

পাছখন এবছৰ বা ২০০টা টোল পাৰ হোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে সাধাৰণ FASTagলৈ ৰূপান্তৰিত হ’ব। আকৌ বাৰ্ষিক পাছৰ সুবিধা ল’বলৈ নতুনকৈ সক্ৰিয় কৰিব লাগিব।

Helpline or সহায়ৰ বাবে ফোন কৰক

টোল প্লাজাত FASTag সংক্ৰান্তত কোনো সমস্যা হ’লে ১০৩৩ নম্বৰত ফোন কৰিব পাৰি।

এতিয়াই FASTag বাৰ্ষিক পাছ লৈ অনায়াসে যাত্ৰা কৰক! 🚗

Conclusion

FASTag বাৰ্ষিক পাছ ২০২৫ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথত সহজ, সস্তীয়া আৰু সময় সাশ্রয়ী যাত্ৰাৰ এক অভিনৱ সুবিধা। মাত্ৰ ৩,০০০ টকা দি এবছৰৰ বাবে ২০০টা টোল প্লাজা পাৰ হ’ব পাৰিব। ইয়াৰ জৰিয়তে টোল প্লাজাত ৰৈ থকাৰ অসুবিধা আৰু নগদ টকা লৈ চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment