Essence of Assam Tea : অসমৰ চাহ খেতি আৰু চাহ জনগোষ্ঠী | Assam Tea |Tea Ethnic Group| অসমৰ চাহ উদ্যোগৰ ইতিহাস| ৰবাৰ্ট ব্ৰুছ:মৰমৰ বন্ধুসকল, আজি আমি বিষয়টো অসমৰ চাহ খেতি আৰু চাহ জনগোষ্ঠী অন্বেষণ কৰিম।
আমি সকলোকে www.pmindiascheme.in-ত স্বাগতম জনাইছো।
Table of contents
অসমৰ চাহ | Assam Tea
অসমৰ চাহ এক তৃপ্তি আৰু সংস্কৃতিৰ এক বিশ্বব্যাপী প্ৰতীক হৈ পৰিছে।
আপুনি এই প্ৰশ্নৰ উত্তৰ নিশ্চয় জানে- প্ৰশ্নটো হল-
ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় কি? (What is India national drink?)
উত্তৰটো হৈছে : চাহ, যি চাই(Chai) বুলিও জনাজাত।
এই ওপৰৰ প্ৰশ্নটোৰ পৰা আপুনি বুজিব পাৰে ভাৰতত চাহৰ মূল্য আৰু চাহিদা কিমান আছে।
অসমৰ চাহে বিশ্ব দৰবাৰত বহু হৃদয়ত এক বিশেষ স্থান দখল কৰিছে ।
ইতিহাস মতে, চীনে ব্ৰিটিছসকলক চাহ গছ দিয়া নাছিল, কাৰণ তেওঁলোকে চাহৰ বজাৰ দখল কৰিব আৰু যি চীনৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব।
For New Updates, Join টেলিগ্ৰাম (Telegram)
অনুগ্ৰহ কৰি, অসমৰ চাহ (Essence of Assam Tea) ৰ বিষয়ে অধিক আপডেট পাবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত যোগদান কৰক।
অসমৰ চাহ আৰু ৰবাৰ্ট ব্ৰুছ (Assam Tea And Robert Bruce)
ৰবাৰ্ট ব্ৰুছ (Robert Bruce) অবিহনে, অসমৰ চাহৰ কাহিনী অসম্পূৰ্ণ।
উনবিংশ শতিকাৰ আৰম্ভণিতে ভাৰতত ৰবাৰ্ট ব্ৰুছ (Robert Bruce) নামৰ এজন স্কটিছ দুঃসাহসী আৰু ব্যৱসায়ী উপস্থিত হৈছিল।
ব্ৰুছ অসমত থাকোতে, তেওঁ স্থানীয় চিংফো জনজাতিৰ পৰা এটা বনৰীয়া চাহ গছ কেমেলিয়া চাইনেনচিছ (ভাৰ. আসামিকা)ৰ কাহিনী শুনিছিল।
Also read বাবোল চাহ এক স্বাস্থ্যকৰ চাহ
অসমত বাণিজ্যিকভাৱে চাহ খেতি কৰাৰ সম্ভাৱনা যথেষ্ট বেছি আছিল বাবেই, তেওঁ ব্ৰুছে এই মায়াময় চাহ গছবিলাক বিচাৰি যাত্ৰা আৰম্ভ কৰিছিল।
১৮২৩ চনত মণিৰাম দেৱান নামৰ এজন স্থানীয় গাইডৰ সৈতে ব্ৰুছে উজনি অসম অঞ্চলৰ বনৰীয়া চাহ গছবোৰ পুনৰ আৱিষ্কাৰ কৰিছিল।
মন কৰিব যে, এই আৱিষ্কাৰটো চাহৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল।
কিয়নো, ই চীনত পোৱা কেমেলিয়া চাইনেন্সিছতকৈ পৃথক চাহ গছৰ অস্তিত্ব প্ৰকাশ কৰিছিল।
ব্ৰুছে নমুনা সংগ্ৰহ কৰিছিল আৰু সেইবোৰ বিশ্লেষণৰ বাবে কলিকতাৰ বটানিকেল গাৰ্ডেনলৈ প্ৰেৰণ কৰিছিল।
এই আৱিষ্কাৰটো সুযোগ আৰু বিশ্বব্যাপী চাহ উদ্যোগক নতুন ৰূপ দিয়াৰ সোণালী পথ আছিল।
ব্ৰুছ আৰু মণিৰাম দেৱান (Maniram Dewan)ৰ প্রচেষ্টা বাবেই, আজি আমি চাহ আৰু চাহ উদ্যোগৰ নতুন পথ দেখা পাইছো।
অসমৰ চাহৰ লগত জৰিত আন এক নাম হল চাৰ্লছ ব্ৰুছ (Charles Bruce) – এজন ইংৰাজ সাহেব।
উনবিংশ শতিকাত অসমত চাহৰ বাণিজ্যিক খেতিৰ আধাৰশিলা স্থাপনত তেওঁৰ অৱদানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মন কৰিব যে, চীনৰ পৰা চাহ আমদানি কৰিবলৈ ব্ৰিটিছে অত্যাধিক মূল্য পৰিশোধ কৰিব লগা হৈছিল।
গতিকে, চাৰ্লছ ব্ৰুছৰ অসম চাহৰ নমুনাৰ বিশ্লেষণে চাহ উৎপাদনৰ বাবে ব্ৰিটিছ বিষয়াসকলৰ মাজত যথেষ্ট আগ্ৰহ সৃষ্টি কৰে।
চীনা চাহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ব্ৰিটিছে অসমত চাহৰ উদ্যোগীক বিকাশ আৰম্ভ কৰে।
এয়া আছিল অসমত প্ৰথম উদ্যোগীকৰণ আৰম্ভণি।
অসমৰ চাহ খেতি আৰু চাহ জনগোষ্ঠী
আপুনি হয়তো আসাম যাবো (Assam Jabo) গানটো হুনিছে, এই গীতটো পূৰ্বৰ জনগোষ্ঠী অঞ্চলৰ ঝুমুৰ গীত।
অসমৰ চাহ বাগিচাত শ্ৰমিক সংকট দূৰ কৰাৰ বাবে ব্ৰিটিছে জনগোষ্ঠী অঞ্চলৰ গৰিষ্ঠ সংখ্যক জনজাতীয় বাসিন্দাক বাধ্য কৰালে অসমত আহিবলে।
এওলোকক ঘৰৰ পৰা বহু দূৰৈত থকা অসমৰ চাহ বাগিচাত কাম কৰিবলৈ লৈ লোৱা হৈছিল।
আপোনজনৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা বাবে জনগোষ্ঠীৰ লোকে কিছু গীত গাইছিল।
তেওঁলোকৰ লগত ব্ৰিটিছে কৰা অত্যাচাৰ আসাম যাবো (Assam Jabo) গানেৰে বৰ্নণা কৰিছিল।
সেই সকলো শ্ৰমিকৰ যন্ত্ৰণা আৰু দুখ-কষ্টৰ অভিলেখ হৈছে এই গীতটি।
অৱশ্য়, এইটো সচাঁ যে, আজিও চাহ জনগোষ্ঠী অবিহনে, আমি অসমৰ চাহৰ পৰিকল্পনা পুৰ্ণ ভাবে চিন্তা কৰিব নোৱাৰোঁ।
আৰম্ভণিৰ পৰাই আমাৰ মুণ্ডা, সন্তল, ওৰাওন আদি সম্প্ৰদায় ঐতিহাসিকভাৱে অসমৰ চাহ খেতি আৰু প্লাকিংত জড়িত আছিল।
এই সম্প্ৰদায়বোৰৰ নিজা পৃথক ভাষা, সংস্কৃতি আৰু পৰম্পৰা আছে, যি অসমৰ সংস্কৃতিত এক সুন্দৰ ৰূপ দিছে।
এই খিলঞ্জীয়া সম্প্ৰদায়বোৰে অসমৰ চাহ উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু আজিও কৰি আছে।
সময়ৰ লগে লগে, চাহ জনজাতিসকলে বিভিন্ন আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
এওলোকে আজিও ভূমিঅধিকাৰ, শ্ৰমিক অধিকাৰ, আৰু শিক্ষা আৰু স্বাস্থ্যসেৱা সম্পুৰ্ণকৈ পোৱা নাই।
অসমৰ চাহ উদ্যোগৰ ইতিহাস (The History Of Assam Tea)
Year | Activity |
---|---|
১৮২৩ | ৰবাৰ্ট ব্ৰুছে চাহ গছৰ সৈতে চিনাকি হয়। |
১৮৩৬ | চাৰ্লছ ব্ৰুছে চাহ সমিতিৰ দলক সদিয়া(তিনিচুকীয়া জিলাত অৱস্থিত)ত পোৱা চাহ গছবোৰক পৰ্যালোচনা কৰিবলৈ দিছিল। |
১৮৩৮ | অসমৰ প্ৰথম চাহ লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। |
১৮৩৯ | জানুৱাৰী মাহত অসমৰ চাহ প্ৰথম বাৰৰ বাবে নিলাম কৰা হৈছিল। |
১৮৬০ | ব্ৰিটিছৰ দ্ৱাৰা যোৰহাটত অতিৰিক্ত চাহ বাগিচা স্থাপন আৰম্ভ হৈছিল। |
১৮৭০ | ঔদ্যোগিক যান্ত্ৰিককৰণৰ ফলত অৱশেষত চাহ কোম্পানীবোৰ লাভজনক হৈছিল। |
১৮৭৯ | লণ্ডনত, ইণ্ডিয়ান টি ডিষ্ট্ৰিক্টছ এছ’চিয়েচন স্থাপন কৰা হৈছিল। |
১৮৮১ | কলকাতাত, ইণ্ডিয়ান টি ডিষ্ট্ৰিক্টছ এছ’চিয়েচন স্থাপন কৰা হৈছিল। |
১৮৮৮ | ভাৰতৰ পৰা আমদানি কৰা চাহ চীনৰ আমদানিক অতিক্ৰম কৰে। |
আমাৰ চৰকাৰে চাহ জনজাতিৰ সাংস্কৃতিক বিকাশমূলক আঁচনি (Cultural Development Schemes of Tea …) দ্ৱাৰা এই ৰ উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।
সামৰণি | In Conclusion
Essence of Assam Tea: মন কৰিব যে, ৬২৯ CE হিউয়েন চাং (Hiuen Tsang or Xuanzang) নামৰ এজন বৌদ্ধ চীনা ভ্ৰমণকাৰী ভাৰতলৈ আহিছিল।
তেওঁ আছিল এজন চীনা বৌদ্ধ সন্ন্যাসী ,পণ্ডিত, পর্যটক আৰু অনুবাদক।
তেওঁ উত্তৰ ভাৰতৰ বহুতো অঞ্চল ভ্ৰমণ কৰিছিল।
তেওৰ ভ্ৰমণ কালত,ভাৰতত এবাৰ এক পানীয় খাই, ফেনাপ বুলি চিঞৰিছিল।
আচলতে, এই ফেনাপ হল চাহ।
ইয়াৰ পৰা গম পোৱা যায় যে, ভাৰতত চাহ বহু আগৰে পৰা ব্য়ৱহাৰ কৰি অহা হৈছে।
অসমৰ চাহ খেতি আৰু চাহ জনগোষ্ঠীৰ বিষয়ে আপুনি কি জানে আমাক কমেন্টত লিখি জনাব।
আমি আপোনাৰ মতামত জানি ভাল পাম।