Essay of Srimanta Sankardev: ১৪৪৯ চনত অসমৰ নগাঁও জিলাৰ বৰদুৱাৰ সমীপৰ আলিপুখুৰীত জন্ম
হৈছিল এজন সাহসী আৰু মহাজ্ঞানী ধৰ্মগুৰুৰ, যাৰ নাম হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
শ্ৰীমন্ত শংকৰদেৱ আছিল এজন ধৰ্মগুৰু,পণ্ডিত,কবি, নাট্যকাৰ, আৰু সমাজ তথা ধৰ্ম সংস্কাৰক।
মহাপুৰুষজনায় অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক কিংবদন্তি ব্যক্তি আছিল।
তেওঁ আহোম আৰু কোচ ৰাজ্য জুৰি অসমক ঐক্যৰ সূতা প্ৰদান কৰা লগতে অসমীয়া সাহিত্যিক
কাৰ্যকলাপৰ ওপৰত মূল্যবোধ আৰু সামাজিক সংশ্লেষণৰ মাজেৰে ধৰ্মৰ সৃষ্টিৰ কৃতিত্ব বজাই ৰাখিব চেষ্টা কৰিছিল।
তেওঁ আৰম্ভ কৰা ধৰ্ম মহাপুৰুষীয়া ধৰ্ম, যি ভাৰতত ভক্তি,প্ৰেম আৰু আন্দোলনৰ পথ দেখুৱাই।
আমাৰ ভাৰতৰ মহান ধৰ্মগুৰু ৰামানন্দ, কবীৰ, বাসৱ আৰু চৈতন্য মহাপ্ৰভুৰ দৰে তেওঁ অসমত ভক্তি প্ৰেমৰ পথ মুকলি কৰে।
তেওঁৰ ভক্তিপথ অনুপ্ৰাণিত হৈ আজিও বহুলোক গুৰুজনাৰ পদচিহ্নত আগবাঢ়ি আহিছে।
তেখেতৰ সাহিত্যিক আৰু কলাত্মক অৱদানসমূহ আজি অসমত জীৱন্ত পৰম্পৰা ৰূপে জিয়াই আছে, আৰু জিয়াই থাকিব।
তেওঁ প্ৰচাৰ কৰা ধৰ্ম অসমৰ বৃহৎ জনসংখ্যাই পালন কৰে আৰু তেওঁ আৰু তেওঁৰ অনুগামীসকলে প্ৰতিষ্ঠা
কৰা সত্ৰ বা মঠসমূহে, তেওঁৰ উত্তৰাধিকাৰক বজাই ৰখিছে।
তেওঁৰ অসমীয়া সংস্কৃতি, সাহিত্য, আধ্যাত্মিকতালৈ শংকৰদেৱৰ অৱদান অতুলনীয় আৰু ভক্তি, সমতা,
সামাজিক সম্প্ৰীতিৰ শিক্ষা প্ৰাসংগিক গুৰুজনাৰ কাম-কাজ আজিও অসমৰ প্ৰতিটো ঘৰতে দেখা পোৱা যায়।
শ্ৰীমন্ত শংকৰদেৱ ৰচনা Pdf Free Download
Essay of Srimanta Sankardev লিখনি আমি তলত দি আছো, যদি pdf file লাগে, তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত (telegram) join হৈ download কৰি কৰিব পাৰিব।
আহক আমি গুৰুজনায় লিখা এক কবিতাৰে আৰম্ভ কৰিব ওলাই আহোঁ:-
কৰতল কমল কমল দল নয়ন।
ভব দব দহন গহন-বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰ শৰ হত দশ বদন।
খগচৰ নগধৰ ফনধৰ শয়ন॥
জগদঘ মপহৰ ভৱ ভয় তৰণ।
পৰ পদ লয় কৰ কমলজ নয়ন॥
শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত সম্পূৰ্ণ জীৱনী বা ৰচনা লিখাটো সম্ভৱ নহ’বও পাৰে কাৰণ আমাৰ ধৰ্ম আৰু সমাজৰ বাবে তেওঁৰ অৱদান সীমাহীন আৰু তাৰে প্ৰমান তেওঁ লিখা ধৰ্মীয় পুথি,নৃত্য আৰু সত্ৰৰ মাজেৰে প্ৰকাশ পায়।
শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল শ্ৰী কুসুম্বৰ চিৰোমণি ভূঞা আৰু মাতৃ আছিল সত্যসন্ধ্যা।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ১৪৪৯ চনত অসমৰ নগাঁও জিলাৰ বৰদুৱাৰ সমীপৰ আলিপুখুৰীত হৈছিল।
অতি সৰুতে মা দেউতাক হেৰুৱাই আৰু বুঢ়ীমা (আইতাক) খেৰসুতীয়ে গুৰুজনাক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।
Also read: স্বামী বিবেকানন্দৰ জীৱনী
মহেন্দ্ৰ কন্দলীৰ টোলত তেওঁ লিখা পঢ়া কৰিছিল আৰু তেখেতৰ প্ৰতিভাৰ প্ৰমান আমি ওপৰত
দিয়া কবিতাৰ পৰা বুজিব পাৰি, কাৰন এই কবিতাখন তেওঁ সৰুতে লিখিছিল, য’ত কোনো স্বৰবৰ্ণ ব্য়ৱহাৰ হোৱা নাই।
আনকি, নিজ গুৰু মহেন্দ্ৰ কণ্ডালীৰ টোলতে তেখেতে প্ৰথম গ্ৰন্থ–হৰিশ চন্দ্ৰ উপাখ্যান ৰচনা কৰিছিল।
১৪৮১ চনত শংকৰদেৱে প্ৰথম তীৰ্থযাত্ৰা আৰম্ভ কৰিছিল আৰু তেখেতে ১২ বছৰ এই যাত্ৰা অব্যাহত ৰাখিছিল।
তাৰ আগতে, গুৰু শংকৰদেৱে প্ৰথম পত্নী সূৰ্যৱতীক বিয়া কৰায় আৰু কেইমাহমানৰ পিছত কন্যা সন্তান জন্ম দি সূৰ্য্যৱতীৰ মৃত্যু হৈছিল।
তেওঁ ধৰ্ম প্ৰচাৰৰ বাবে উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা(Borpeta) সত্ৰ আৰু কোচবিহাৰতো সত্ৰ স্থাপন কৰিছিল।
১৪৯৩ চনত ঘৰলৈ উভতি অহাৰ পাছত শংকৰদেৱে অনিচ্ছা সত্ত্বেও শিৰোমণিৰ দায়িত্ব ল’য়।
কিন্তু কিছুদিন পিছতে, তেওঁ নিজৰ সকলো দায়িত্ব জোঁৱাই হৰিৰ হাতত তুলি দিছিল।
তেখেতৰ ভ্ৰমন অভিজ্ঞতা,অসমত নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলন আৰম্ভৰ বাবে বহু সহায় কৰিছিল।
শংকৰদেৱে ৫৪ বছৰ বয়সত পুনৰ বিবাহপাশত আবদ্ধ হৈ আলিপুখুৰীৰ পৰা বৰদোৱালৈ নিজৰ বাসগৃহ স্থানান্তৰ কৰে।
গুৰুজনাৰ এই ‘নৱবৈষ্ণৱ ধৰ্ম”ৰ আন্দোলনক ‘মহাপুৰুষীয়া ধৰ্ম‘ বুলিও জনা যায়।
শংকৰদেৱৰ ধৰ্ম “শ্ৰীমত ভাগৱত আৰু গীতা“ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল।
১৫৬৮ চনত ,শংকৰদেৱে ১২০ বছৰ বয়সত কোচবিহাৰ ভুলা-দুঙ্গা সত্ৰত ইহলীলা সম্বৰণ কৰে।
তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিল যদিও! তেওঁৰ উত্তৰাধিকাৰ আজিও অব্যাহত আছে।
সমাজ সংস্কাৰক হিচাপে শংকৰদেৱ
Essay of Srimanta Sankardev: শংকৰদেৱে নিজৰ ধৰ্ম প্ৰচাৰৰ বাবে সত্ৰ আৰু নামঘৰৰ ব্যৱহাৰ কৰিছিল।
এই পদক্ষেেপ জনসাধাৰণক ধৰ্মীৰ প্ৰতি আগ্ৰহ, বৌদ্ধিক আৰু সাংস্কৃতিক কাৰ্য্যকলাপসমূহক উন্নয়নৰবাবে এক নতুন প্ৰেৰণা দিছিল।
তেওঁৰ “একা-সাৰণ-নাম-ধৰ্ম”ত আন কোনো দেৱতাৰ পূজা সমৰ্থন কৰা নাছিল আৰু কেৱল শ্ৰী কৃষ্ণয়ে আছিল, এই ধৰ্মৰ পৰম বাস্তৱ।
শংকৰদেৱে নিজৰ জ্ঞান ,শিল্প, ৰচনা, সংস্কৃতি আৰু সাহিত্যৰ মাধ্যমেৰে অসমীয়া সমাজক ‘সোণালী যুগ’ দখল কৰিব সহায় কৰি গৈছে।
ধৰ্মৰ সম্প্ৰসাৰণৰ বাবে শংকৰদেৱে গীত ৰচনা, নাটক আদিৰ লগতে গুণমালা আছিল শংকৰদেৱৰ অন্যতম সাহিত্যিক ৰচনা।
শংকৰদেৱৰ সাহিত্য আৰু সাংস্কৃতিক অৱদান
শংকৰদেৱ আছিল এজন প্ৰখৰ লেখক, সুৰকাৰ, সমাজ সংস্কাৰক আৰু তেখেতৰ ৰচনাসমূহ অসমীয়া সাহিত্য-সংস্কৃতিৰ মূল শিলাস্তম্ভ চিৰ যুগমীয়া হৈ থাকিব।
শংকৰদেৱে লিখা কিছুমান উল্লেখযোগ্য অৱদানৰ ভিতৰত আছে:
- কীৰ্তন ঘোষা: যি ভক্তিমূলক গীত আৰু প্ৰাৰ্থনাৰ সংকলন প্ৰকাশ কৰে।
- ভাগৱত পুৰাণঃ অসমীয়ালৈ অনুবাদ আৰু অভিযোজিত, সাধাৰণ মানুহৰ বাবে সুলভ কৰি ৰাখিছে।
- গুণমালাঃ ভাগৱতৰ শিক্ষাৰ সাৰাংশ দাঙি ধৰা কাব্যিক গ্ৰন্থ।
শংকৰদেৱ আৰু মাধৱদেৱৰ লিখা ‘কীৰ্তন-ঘোষা‘ আৰু ‘নম-ঘোষা‘ হ’ল মূল বৈষ্ণৱ গ্ৰন্থ।
তেখেতে লিখি কিছুমান কিতাপ হল ৰুক্মিণী হৰণ কব্য, ৰুমিনি-হৰণা, কালিদামনা, কেলিগোপাল, পাৰিজাত-হৰণা ইত্য়াদি।
শংকৰদেৱৰ কিছুমান সাংস্কৃতিক কাৰ্য্যকলাপ তলত দিয়া হৈছে:-
- বৰগীত: তেওঁ ভক্তিমূলক গীত ৰচনা কৰিছিল যিবোৰ আজিও অসমত গোৱা হয়।
অংকিয়া নাট: সংগীত, নৃত্য, নাটকৰ মিশ্ৰণেৰে ধৰ্মীয় বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এক খণ্ডৰ নাটকৰ প্ৰৱৰ্তন কৰে।
সত্ৰীয়া নৃত্য: শংকৰদেৱে এই ধ্ৰুপদী নৃত্য প্ৰকাৰ প্ৰতিষ্ঠা কৰিছিল, যিটো বৰ্তমান ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে।
পঞ্চদশ শতিকাৰ আৰম্ভণিতে শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱী ভক্তি আন্দোলনে নাছিল,
বৰং, আজিও আমাৰ বাবে দৰ্শন , সু-শৃংখলাবদ্ধ সমাজ আৰু নৱ প্ৰেৰণাৰ প্ৰতীক হৈ আছে।
নানা অবিচাৰ – বয়ভিচাৰ দূৰ কৰি তেখেতে আমাৰ সমাজক এক নতুন ৰূপ দি থৈ গ’ল, আৰু যাৰ বাবে আমি আমাৰ এইজন আধ্যাত্মিক গুৰুজনাক শ্ৰদ্ধাৰে কোটি কোটি নমন জনাও!!
Conclusion
Essay of Srimanta Sankardev: শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিকেন্দ্ৰিক একশ্বৰবাদী বিশ্বাস একসাৰণ ধৰ্মৰ প্ৰচাৰ কৰিছিল।
তেওঁ জাতিগত বৈষম্যৰ দৰে সামাজিক কু-অমংগলৰ বিৰুদ্ধে যুঁজিছিল আৰু সকলো মানুহৰ মাজত সমতাক উৎসাহিত কৰিছিল।