Bubble Tea And Ingredients: বাবোল চাহ এক স্বাস্থ্যকৰ চাহৰ কথা জানক

Bubble Tea And Ingredients:বাবোল চাহ এক স্বাস্থ্যকৰ চাহ : আমি সকলোৱে নতুন খাদ্য অন্বেষণ কৰিবলৈ ভাল পাওঁ।

আজিৰ তাৰিখত, আমি সদায়ে খোৱাৰ আগতে যিকোনো নতুন খাদ্য সামগ্ৰীৰ স্বাস্থ্যৰ লাভাসমূহ পৰীক্ষা কৰোঁ।

এইটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ।

আজি, আমি এক নতুন ট্ৰেণ্ডিং খাদ্যৰ বিষয়ে আলোচনা কৰিম, যি হোটেল আৰু ৰেষ্টুৰেণ্টত নিজ​ৰ চাহিদা বৃদ্ধি কৰিছে।

Bubble Tea And Ingredients: স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু আজি আমি এই লিখনিত ইয়াৰ বিষয়ে আলোচনা ক​ৰিম।

বাবোল চাহ কি ? | What Is Bubble Tea?

বাবোল চাহ (Bubble tea) বা বুদবুদ চাহ, যাক বোবা চাহ(boba tea) বা ক’লা মুক্তা চাহ (Black pearl tea) বুলিও কোৱা হয়।

ই এক আনন্দদায়ক পানীয় যি ফলৰ জেলীৰ পৰা তৈয়াৰ কৰা চাহ।

ভাৰতত বাবল চাহ লকডাউনৰ সময়ৰ প​ৰা যথেষ্ট জনপ্ৰিয়তা লাভ ক​ৰিছিল আৰু দিনক দিনে বুদবুদ চাহৰ চাহিদা বাঢ়ি আহিছে।

বাবোল চাহৰ জন্ম

এই প্ৰিয় পানীয়টো মূল জন্ম ভেটি টাইৱান (Taiwan) আৰু ইয়াৰ উপকাৰিতা বাবে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে।

1980-ৰ দশকৰ মাজভাগত টাইৱানত এই চাহ আৰম্ভণি হৈছিল।

বিশেষকৈ টাইৱান , ছিংগাপুৰ, হংকং আৰু জাপানত নতন ৰুপয়ন দেখা গৈছে।

For New Updates, Join টেলিগ্ৰাম (Telegram)

অনুগ্ৰহ কৰি স্বাস্থ্যৰ পৰামৰ্শৰ ওপৰত অধিক আপডেট পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলত যোগদান কৰিবলৈ নাপাহৰিব।

বাবোল চাহৰ উপাদানসমূহ | Ingredients For Bubble Tea

বাবোল চাহৰ উপাদানসমূহৰ বিষয়ে জনাৰ আগতে আমি কাচাভা পাচলিৰ বিষয়ে জনাটো দ​ৰকাৰ।

মন ক​ৰিব যে, কাচাভা(Cassava) হৈছে এক শিপা পাচলি।

বাবোল চাহ  Bubble Tea And Ingredients এক

এই পাচলি অসম আৰু মেঘালয়ত উপলব্ধ।

আমি এই কাচাভা গুৱাহাটীৰ স্থানীয় বজাৰত আৰু ওচৰৰ ঠাইৰ বজাৰত দেখিবলৈ পাওঁ।

টেপিওকা মুক্তা বা বল (tapioca pearl), যি বাবোল চাহ (Bubble tea)ৰ উপাদান, এই কাচাভাৰ প​ৰা বনোৱা হ​য়।

এই মুক্তা বা বল হ’ল কাচাভা শিপাৰ পৰা তৈয়াৰ কৰা এক ষ্টাৰ্চ (starch)।

টেপিওকা বল (tapioca )ball দেখাত তল​ৰ ছবিৰ দ​ৰে:-

Bubble Tea Ingredients

বাবোল চাহ উপাদানসমূহ তলত দিয়া হৈছে:

১. কাপ পানী
২. আধা কাপ টেপিওকা মুক্তা বা বল
৩. ১ চামুচ চাহ পাত বা চাহৰ মোনা / বেগ
৪. ১ চামুচ মৌ বা ব্ৰাউন চেনি
৫. ১ কাপ গাখীৰ
৬. ২ টা মান বৰফৰ টুকুৰা
৭. আপোনাৰ সোৱাদ অনুসৰি মিঠা

বাবোল চাহ বনোৱাৰ বিধি

  • এটা পাত্ৰত ১.৫ কাপ পানী উতলাওক।
  • উতলা পানীত টেপিঅ’কা মুক্তা যোগ দিয়ক
  • মন ক​ৰিব যে প্ৰায় 20-30 মিনিটৰ ভিত​ৰত সেইবোৰ কোমল হ’ব।
  • ৰন্ধা মুক্তাবোৰ উলিয়াই দিয়ক আৰু ঠাণ্ডা পানীৰ তলত ধুই দিয়ক।
  • এতিয়া ৰঙা চাহ প্ৰস্তুত ক​ৰক আৰু টেপিঅ’কা মুক্তা যোগ দিয়ক।
  • আপোনাৰ সোৱাদ অনুসৰি,ব্ৰাউন চেনি আৰু গাখীৰ যোগ ক​ৰক।
  • ৩০-৪০ মিনিট ফ্ৰীজ ঠাণ্ডা ক​ৰি পৰিৱেশন কৰক।

বাবোল চাহ উপকাতৰিতা

আমাৰ ৰঙা চাহত বহু পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে।

সেয়েহে, বুবল চাহে আমাক এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে আৰু লগতে শক্তি আৰু আমাৰ শৰীৰক হাইড্ৰেটেড কৰাত সহায় কৰে।

আনকি, বুবল চাহে শক্তিশালী হাড় আৰু দাঁতৰ বাবে (গাখীৰৰ কেলচিয়াম) সহায় ক​ৰে।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment