Biography of Galileo Galilei: মহান বিজ্ঞানী গেলিলিও জীৱনী

Biography of Galileo Galilei: মহান বিজ্ঞানী গেলিলিও জীৱনী: গেলিলিঅ ইটালীৰ জ্যোতিৰ্বিজ্ঞানী, দাৰ্শনিক, গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী আৰু বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত এক ব্যক্তি আছিল।

গেলিলিঅক প্ৰায়ে প্ৰখ্যাত চিত্ৰশিল্পী মাইকেলেঞ্জেলোৰ (Michelangelo) উত্তৰাধিকাৰী আৰু নিউটনৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়।

কাৰণ এঞ্জেলোৰ মৃত্যুৰ দিনাই Galileo Galilei-ৰ জন্ম হৈছিল আৰু গেলিলিওৰ মৃত্যু হোৱা বছৰতেই ১৬৪২ খ্ৰীষ্টাব্দত নিউটনৰ জন্ম হৈছিল।

গেলিলিও জীৱনী (Galileo Galilei)

জন্ম: গেলিলিও (Galileo Galilei)ৰ জন্ম ১৫৬৪ খ্ৰীষ্টাব্দৰ ১৫ ফেব্ৰুৱাৰীত ইটালীৰ পিছা (Pisa) নগৰত হৈছিল।

গেলিলিওৰ সৰু কালৰে পৰাই সংগীত আৰু গণিতৰ প্ৰতি বিশেষ ৰাপ আছিল।

Also read Wireless কমিউনিকেশ্বনৰ পথ প্ৰদৰ্শক

কিন্তু দেউতাকৰ ইচ্ছা অনুসৰি তেওঁ পিছা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান বিষয়ত ১৫৮১খ্রীঃত নামভৰ্তি কৰে।

১৫৮৩ খ্ৰীষ্টাব্দত গেলিলিওৱে ইউক্লিডীয় জ্যামিতিৰ ওপৰত এটা বক্তৃতা শুনিছিল।

সেই বক্তৃতাই গেলিলিওৰ মন চিকিৎসা বিজ্ঞানৰ পৰা গণিতৰ ফালে স্থায়ীভাৱে ঢাল খুৱায়।

১৫৮৫ খ্ৰীষ্টাব্দত পিছা বিশ্ববিদ্যালয় এৰি গণিত চৰ্চাত মনোনিৱেশহ ক​ৰিছিল।

১৫৮৬ খ্ৰীষ্টাব্দত Galileo Galilei, প্ৰথমখন বৈজ্ঞানিক গ্রন্থ ‘The Little Balance ‘ (La Balancitta) লিখি উলিয়ায়।

১৫৮৯ খ্ৰীষ্টাব্দত পিছা বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে।

পিছা চহৰত, গেলিলিঅ’ই একেসময়তে পিছাৰ হেলনীয়া টাৱাৰ (leaning tower of Pisa) ৰ ওপৰৰ পৰা বিভিন্ন ওজনৰ দুটা গোলক পেলাই মাধ্যাকৰ্ষণৰ নীতি প্ৰদৰ্শন কৰিছিল।

এই পৰীক্ষাটোৱে দেখুৱাইছিল যে দুয়োটা গোলক একে সময়তে মাটিত উপনীত হৈছিল, সমান দূৰত্ব অতিক্ৰম কৰি।

ইয়াৰ দ্বাৰা তেওঁ প্ৰতিপন্ন কৰিলে যে এৰিষ্ট টলে আগতে কোৱাৰ দৰে অনুগামী পিণ্ডৰ গতিবেগ পিণ্ডটোৰ ওজনৰ সমানুপাতিক(সমান অনুপাত, এটা বাঢ়িলে আনটো বাঢ়ি যাব) বুলি কোৱা কথাষাৰ সত্য নহয়।

গেলিলিওৰ কথা সেই সময়ৰ লোকসকলে বিশ্বাস কৰা নাছিল, আনকি বিলাই বিপত্তিৰ অন্তত পিছা বিশ্ববিদ্যালয় এৰিব লগীয়া হৈছিল।

Also read নিকোলা টেছলাৰ জীৱনী

১৫৯২ খ্রীষ্টাব্দত তেওঁ পাদুৱা বিশ্ববিদ্যালয়ত পুনৰ গণিতৰ অধ্যাপক হিচাপে যোগদান কৰি ১৬১০ খ্রীষ্টাব্দতলৈকে থাকে।

তেওঁ ১৬০৭ খ্ৰীষ্টাব্দত বহু উন্নত মানৰ দূৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল।

তেওঁ প্ৰায় ১৬৪০ খ্ৰীষ্টাব্দত প্ৰথমটো দোলন ঘড়ী নিৰ্মাণ কৰি উলিয়াইছিল।

গেলিলিওৱে নিজৰ দূৰবীক্ষণৰ দ্বাৰা নিৰীক্ষণ কৰি আৰু শুক্ৰ আৰু শনি গ্ৰহৰ পৰ্যবেক্ষণ কৰি কৈছিল যে বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ পৃথিৱী নহয় সূর্যহে।

অর্থাৎ সকলো গ্ৰহই পৃথিৱীৰ সলনি সূর্যকহে প্ৰদক্ষিণ কৰে।

Galileo Galilei-ৰ এই মত সেই সময়ত ধৰ্মীয় নেতাসকলৰ দৃষ্টিত ডাঙৰ অপৰাধ আছিল।

সেয়ে তেওঁক দোষী সাব্যস্ত কৰি বন্দীশালত আটক কৰি ৰখা হৈছিল আৰু বন্দীশালত থাকোঁতেই ১৬৪২ খ্রীষ্টাব্দৰ ৮ জানুৱাৰীত অতি কষ্টৰে মৃত্যুবৰণ কৰে ।

Conclusion:

মহান বিজ্ঞানী গেলিলিও জীৱনী: সাৰাংশত, গেলিলিঅ’ৰ আৱিষ্কাৰবোৰে আমি পৃথিৱীখন কেনেদৰে বুজি পাওঁ তাক সলনি কৰি দিছিল।

Galileo Galilei সাহসেৰে পুৰণি ধাৰণাবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিজ্ঞানত প্ৰমাণৰ গুৰুত্ব দেখুৱাইছিল।

তেওঁৰ কামে আজিও বিজ্ঞানীসকলক অনুপ্ৰাণিত কৰে। গেলিলিঅ’ৰ কাহিনীয়ে আমাক প্ৰশ্ন সুধি থাকিবলৈ আৰু সত্য বিচাৰি থাকিবলৈ শিকায়।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment