Delhi Station Stampede: দিল্লী ষ্টেচন ষ্টেম্পেডত ১৮ জন লোকৰ মৃত্যু

Delhi Station Stampede: নতুন দিল্লী ৰেলৱে ষ্টেচন, ৯ গৰাকী মহিলাকে ধৰি কমেও ১৮ জন লোক
আৰু ৫টা শিশুৰ হুলস্থুলীয়া পৰিৱেশত মৃত্যু হয়।

এই ঘটনা মহা কুম্ভ মেলা যাত্ৰীৰ লগত ঘটে, যেতিয়া ৰেল ধৰিবলৈ ভিৰ হুলস্থুলীয়া প​ৰিবেশত প​ৰিছিল।

বিষয়াসকলৰ মতে, এই কাণ্ড সংঘটিত হৈছিল ভাৰতৰ সময় অনুসৰি শনিবাৰে নিশা ১:০০ বজাত আশে-পাশে।

যেতিয়া দিল্লী ৰেলৱে ষ্টেচনৰ ১৪ নম্বৰ প্লেটফৰ্মত, প্ৰয়াগৰাজ এক্সপ্ৰেছ ৰেল ধৰিবৰ বাবে এক বৃহৎ ভিৰ গোট খাইছিল,তেতিয়া ষ্টেচনত এই ঘটনা ঘটে ।

প্ৰয়াগৰাজ এক্সপ্ৰেছ ৰেল প্ৰস্থানত পলম হোৱাত, আন দুখন ৰেল স্বতন্ত্ৰ সেনানী এক্সপ্ৰেছ আৰু বানেশ্বৰ

ৰাজনীকৰ বাবে অতিমাত্ৰা ভিৰ বৃদ্ধি হৈছিল প্লেটফৰ্মত ১২, ১৩ আৰু ১৪ ত।

এতিয়ালৈকে ৰিপৰ্ট ইংগিত দিয়ে যে, প্ৰায় ১৫০০ জেনেৰেল টিকট বিক্ৰী হোৱাৰ ফলত অতিমাত্ৰা ভিৰ বৃদ্ধি

(বিশেষকৈ প্লেটফৰ্ম নম্বৰ ১৪ ওচৰত) হোৱা বাবে এই ঘটনা ঘটিত হয়।

ৰেল ঘোষণা কৰাৰ পিছত, ১৫ৰ পৰা ২০ মিনিটৰ ভিতৰত হুলস্থুল আৰু তীব্ৰতৰ হৈ পৰিল, আৰু

যাত্ৰীসকলক বোৰ্ডলৈ খোজ কাঢ়িবলৈ যাওতে এই ঘটনা হ​য়।

পিছফাল​ৰ প​ৰা হেচা দিয়াত, যাত্ৰীৰ ভিৰটো জোকাৰি যোৱাৰ লগে লগে কিছুমান যাত্ৰী আগলে পৰি অজ্ঞান

হৈ প​ৰিছিল,যিয়ে আতংকক আৰু Delhi Station Stampede ঘটিব সহায় ক​ৰে।

এই ঘটনাৰ পিছতে, প্ৰায় ১০:৪৮ pm দিল্লীৰ অগ্নিকাণ্ড সেৱাক সহায়​ৰ বাবে ফোন ক​ৰা হৈছিল আৰু সেই সম​য়ত ১৫ জন লোক আঘাতপ্ৰাপ্ত হৈ আছিল।

তাৰ পিছত চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ সেই স্থানলৈ আহিছিল।

স্থানীয় সময়, প্ৰায় ১১:০০ বজাত ৰেলৱেই মন্ত্ৰালয়ে কয় যে পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

আগলৈ, এই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ tweet কৰি কয় যে, নতুন দিল্লী ৰেলৱে ষ্টেচনত পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।

আৰু প্ৰায় আধা ঘণ্টাৰ পিছত, তেওঁ আকৌ টুইট কৰি কয় যে, ভিৰ ক​ৰি থকা যাত্ৰীসকলক বাবে চাৰিটা বিশেষ ৰেল দিয়া হৈছে।

ছ’চিয়েল মিডিয়াত ঘোষণা ক​ৰি ৰেল মন্ত্ৰীয়ে এই ষ্টেম্পেড কাণ্ডৰ তদন্তৰ বাবে এক উচ্চ পৰ্যায়ৰ সমিতি

গঠিত ক​ৰাৰ কথা জনায়, আৰু য’ত দুজন ৰেলৱেৰ বিষয়া সদস্যৰূপে থাকিব।

Also read: নতুন Income Tax Bill

আনহাতে,হাস্পতালৰ মুখ্য দুৰ্ঘটনাগ্ৰস্ত চিকিৎসা বিষয়াই এই কথা কৈছিল যে, ষ্টেম্পেডত

১৫ জন লোক প্ৰাণ হেৰুৱালে আৰু য’ত তিনিটা শিশু আছিল ।

আনকি এই ঘটনাত, আন ১০ জন লোকৰ আহত হৈছে বুলি জানিব প​ৰা গৈছে।

ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱান আৰু দিল্লী আৰক্ষী বিষয়াসকলে আৱদ্ধ যাত্ৰী আৰু আহতসকলক তথা ভিৰ

খালী কৰাত সহায় কৰে, আৰু পিছলৈ ষ্টেচনটোত NDRF দলটোও আহি সহায় ক​ৰিছিল।

ৰাতিপুৱা সোনকালে দেওবাৰে কৰ্তৃপক্ষই নিশ্চিত কৰে যে, ১৮ জন লোকৰ মৃত্যু হৈছে,

আৰু যাৰ ভিত​ৰত নগৰাকী মহিলা আৰু পাঁচগৰাকী শিশু অন্তৰ্ভুক্ত।

আহতসকলৰ ভিতৰত অধিকাংশই ৰোগীসকলৰ শৰীৰৰ তলৰ অংশত আঘাত পাইছে, আনহাতে দুই এজনৰ

হাড়ৰ আঘাত হৈছে, আৰু চাৰিজন এতিয়াও পৰ্যবেক্ষণৰ অধীনত আছে।

১৫ জনীয়া চিকিৎসকৰ এটা দলে এই আহত ৰোগীৰ যত্ন লৈ আছে।

বৰ্তমান, ৰেলৱেৰ ষ্টেচনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু যাত্ৰীসকলক বিশেষ ৰেল আৰু সাধাৰণ ৰেল চলাচল পুনৰ আৰম্ভ কৰিছে।

ৰে’লৱেই মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকা ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে, লগতে ডেৰ লাখ টকাৰ

ক্ষতিপূৰণ গুৰুতৰভাৱে আহত হোৱাসকলৰ বাবে আৰু আঘাতপ্ৰাপ্ত নাবালক ৰোগীৰ বাবে ১ লাখ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰকাশ কৰা মতে বিহাৰৰ মৃত যাত্ৰীৰ পৰিয়ালক নিৰ্ভৰশীলতাৰ বাবে ২ লাখ টকা

আৰু ৫০,০০০ টকা আঘাতপ্ৰাপ্তক দিয়া কথা ঘোষনা ক​ৰিছে। লগতে তেওঁ এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সভাপতি দ্ৰৌপদী মুৰ্মুয়ে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment