India Vs Australia | World Cup Cricket Final 2023:পুনৰ বিশ্বকাপৰ ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া -২০ বছৰৰ পিছত:
সাৰাংশ: এই পোষ্টত কি কি আছে জানক-
২০১৩ চনত (২০ বছৰ আগত) ভাৰত আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট ফাইনেল- ভাৰতৰ পৰাজয়ৰ কাহিনী
২০১৫ চনত ক্ৰিকেট ছেমি ফাইনেল অষ্ট্ৰেলিয়াই ভাৰতক প্ৰবেশ কৰা বাধা প্ৰদান কৰাৰ কিছু কথা
২০২৩ চনত World Cup Cricket -ত ভাৰতীয় দলে লব লগা ৰণনীতিৰসমূহ..
মৰমৰ বন্ধুসকল, এই লিখনিত আমি জানিম ভাৰতে কেতিয়া আৰু কেনেকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটত পৰাজিত হৈছিল।
আজিৰ দিনটো, ইতিহাস ৰচনা কৰাৰ সময় ! আজি আমাৰ ওচৰত ২০২৩ বৰ্ষৰ আটাইতকৈ ডাঙৰ খেল হব গৈ আছে।
ষ্টেডিয়াম ইতিমধ্যে সাজু হৈছে নেতা,চেলিব্ৰিটি, স্পোর্টমেন আৰু দলৰ সমৰ্থকৰ সৈতে।
ভাৰতৰ ভূমিত, অষ্ট্ৰেলিয়াক পৰাজয় কৰাটো কঠিন হ’ব পাৰে, কিন্ত অসম্ভৱ হ’ব নোৱাৰে।
আমি তাৰ কিছুমান জীৱন্ত উদাহৰণ, এই লিখনিত প্ৰকাশ কৰিম ,যদি ভাল লাগে তেনে হলে অনুগ্ৰহ কৰি ছচিয়েল মিডিয়া প্লেটফৰ্মত প্ৰবন্ধটো বিতৰণ কৰিব।
আমি আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিম।
Also read মহেন্দ্ৰ-সিং-ধোনী
কিন্তু, বহুতো ভাৰতীয় চিন্তিত, কিয়নো তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেট ছেমি ফাইনেল বা ফাইনেলৰ অন্ধকাৰ দিশ টো বহু আগৰ পৰা দেখি আহিছে।
World Cup Cricket Final 2003 | India Vs Australia
ভাৰতত ক্ৰিকেট মানে – প্ৰতিজন ভাৰতীয়ৰ বাবে এক উন্মাদ আৰু অনুপ্ৰাণিত মানসিকতাৰ মনোভাব।
এক পক্ষে ই হল -দেশ প্ৰেমৰ প্ৰত্যক্ষ বা পৰোক্ষ অনুভব, যি প্ৰত্য়েক ভাৰতীয়ৰ ভিতৰত লুকাই আছে।
২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল ২৩ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ (Johannesburg)-ৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়াম (Wanderers Stadium)-ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল।
খেলখনত ভাৰতে টছত জয়ী হৈ বল কৰাৰ সিদ্ধান্ত লৈছিল।
এই খেলখনত ক্ৰিকেটৰ দেৱতা- শচীন তেণ্ডুলকাৰ(Sachin Tendulkar)-ৰ উইকেট অষ্ট্ৰেলিয়াৰ দ্ৰুত বঽলাৰ গ্লেন মেকগ্ৰাথে (Glenn McGrath) হাতত হেৰায়ছিল।
অপেনাৰ বেটছমেন তেণ্ডুলকাৰে মাত্ৰ ৪ ৰাণ কৰিছিল, যি অষ্ট্ৰেলিয়াই দিয়া লক্ষ্য ৰাণ ৩৫৯-ৰ পৰা বহু দূৰত আছিল ।
অষ্ট্ৰেলিয়াই মাত্ৰ ২ টা উইকেট হেৰুৱাই ৩৫৯ ৰাণ কৰিছিল।
যদি আপুনি ক্ৰিকেট প্ৰেমী, তেন্তে আপুনি পৰিষ্কাৰ ছবিখন পৰিকল্পনা কৰিব পাৰিছে-
যে ভাৰতীয় বলাৰৰ দুৰ্বলতাৰ বাবে অষ্ট্ৰেলিয়াই ইমান ডাঙৰ লক্ষ্য দিব পাৰিছিল!
সেই খেলখনত ভাৰতীয় বলাৰে ৫০ অভাৰত ৩৭ টা অতিৰিক্ত ৰাণ দিছিল, যি সচাঁকে আচৰিত কথা।
India Vs Australia-ৰ মাজৰ খেলখনত কেৱল হৰভজন সিঙে (Harbhajan Singh)-য়ে ২ টা উইকেট দখল কৰিছে।
আৰু আন এটা প্ৰমাণ- জাহিৰ খানে ৭ অভাৰত ৬৭ ৰাণ দিছিল আৰু জাৱাগল শ্ৰীকান্তে ১০ অভাৰত ৮৭ ৰাণ দিছিল।
আমি ভাৰতৰ বেটিং লাইনক দোষ দিব নোৱাৰো, কাৰণ বেটিং লাইনৰ অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু সৌৰভ গাংগুলীয়ে (তেণ্ডুলকাৰৰ পিছত) ৮ অভাৰত ৫০ ৰাণ কৰিছিল।
কিন্তু সৌৰভ আউট হোৱাৰ পিছত মোঃ কাইফে লগে লগে তেওঁৰ উইকেট হেৰুৱালে।
চেহৱাগে ৮১ টা বলত ৮২ ৰাণ কৰি ৰাণ আউট হৈছিল আৰু সেইটোৱেই ভাৰতৰ পৰাজয়ৰ এটি কাৰণহৈ পৰিছিল।
শচীনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ টা শতক সম্পূৰ্ণ কৰিছিল আৰু তেওঁ অষ্ট্ৰেলিয়াৰ বলাৰৰ সৈতে পৰিচিত আছিল।
সেয়েহে, যদি শচীন আৰু চেহৱাগে ২০ ৰ পৰা ২৫ অভাৰত খেলিব পাৰিলে হেতেন, তেন্তে নিৰ্ধাৰিতভাৱে ভাৰতে ২০০৩ চনৰ বিশ্বকাপ ট্ৰফী লাভ কৰাৰ নিশ্চয়তা থাকিলে হেতেন।
World Cup Cricket Final 2003 | Australia’s Scorecard
আনকি, আপুনি অষ্ট্ৰেলিয়া দলৰ স্ক’ৰবোৰ্ড চাব পাৰে, যি তলত দিয়া হৈছে।
Player | Fielder | Bowler | Runs | Balls |
---|---|---|---|---|
Adam Gilchrist | C Sehwag | B Harbhajan | 57 | 48 |
M Hayden | C Dravid | B Harbhajan | 37 | 54 |
R Ponting | NOT OUT | 140 | 121 | |
D Martyn | NOT OUT | 88 | 84 |
অষ্ট্ৰেলিয়ান দলৰ বলিং অসাধাৰণ আছিল। আপুনি প্ৰদত্ত তালিকাৰ পৰা ইয়াৰ বিষয়ে জানিব পাৰে।
অষ্ট্ৰেলিয়ান দলৰ ভাল বলিংৰ বাবে, অষ্ট্ৰেলিয়া 95 ৰাণত বিজয়ী হৈছিল।
World Cup Cricket Semi Final 2015 | India Vs Australia
India Vs Australia: পুনৰ বিশ্বকাপৰ ফাইনেলত ভাৰত প্ৰবেশ কৰাৰ আগতে Australia-ৰ হাতত পৰাস্থ হয়।
Steve Smith– ৰ শতকেৰে Australia জয়ৰ পথ বাছি লৈছিল!
এই জয়ত Aaron Finch ৰ 81 ৰাণে অতুলনীয় ভূমিকা পালন কৰিছিল।
অষ্টলিয়ান দলে 50 অভাৰত লক্ষ্য 328/7 ৰাণৰ দিছিল।
ভাৰতীয় দলত বহু প্ৰতিভা থকা বেটছমেন থকা স্বতেও Shikhar Dhawan বেটিং পৰা বাহিৰ হোৱাৰ লগে লগে তৎখনাত Virat Kohli (also known as Chiku) আউট হয়।
Australia-ৰ হৈ James Faulkner-য়ে 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল।
কেৱল এম এছ ধোনীয়ে 65 ৰাণৰ অৱদান দিছিল, তাৰ বাহিৰে কোনো বেটছমেনে Australia-ৰ বিৰুদ্ধে টিকি থাকিব পৰা নাছিল।
আচলতে partnership-ৰ অভাৱত এই পৰাজয়ৰ পথ মুকলি হৈছিল।
মন কৰিব যে , আজি হ’ব লগা Cricket Final 2023-India Vs Australia খেলখনত partnership অত্য়ান্ত প্ৰয়োজন!
দুৰ্বল বেটিং লাইনৰ বাবে দল ভাৰতে মেচখন হেৰুৱাই ফাইনেলত প্ৰৱেশ কৰা নাছিল।
World Cup Cricket Semi Final 2023 | India Vs Australia
যদি আমি ২০২৩ চনৰ এই চূড়ান্ত মেচখন জিকিব লগা হয়, তেন্তে টীম ইণ্ডিয়াক নিম্নলিখিত ৰণনীতিৰ প্ৰয়োজন হব:-
শীৰ্ষ স্পিন বলাৰক দলত ৰাখিব লাগিব- Ravichandran Ashwin or Kuldeep Yadav -ভাল পছন্দ হব পাৰে।
Ishant Sharma-ৰ ট্ৰেক ৰেকড এজন দ্ৰুত বলাৰ হিচাপে প্ৰভাৱশালী আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাল বলিং কৰি আহিছে। গতিকে , তেওঁক স্থান দিয়াটো দৰকাৰ।
টছ জিকিলে ভাৰতে প্ৰথমে বেটিং বাছনি কৰিব লাগিব। কাৰন , যোৱা দুয়োখন Final 2003 Semi Final 2015 খেলত Australia-ৰ বিপৰীতে ভাৰতে দ্বিতীয় ইনিংছত বেটিং কৰিছিল।
যিকোনো দুজন বেটছমেনৰ মাজত এটা ভাল অংশীদাৰীত্ব (Partnership) হ’ব লাগিব।
প্ৰথম 12 ৰ পৰা 15 অভাৰৰ ভিতৰত 100-130 ৰ ভিতৰত ৰাণ হব লাগিব (কোনো উইকেট হেৰুৱাকে)।
ৰান ৰেট 7+ হলে হে এটা প্ৰভাবশালী জয়ৰ আশা কৰিব পাৰি।
Conclusion
World Cup Cricket Final | পুনৰ বিশ্বকাপৰ ফাইনেলত ভাৰত: এই লিখনিৰ ওপৰত আপোনাৰ মতামত তলত লিখক।
আমি আশা কৰিব পাৰোঁ যে, যদি ভাৰতীয় দলে ভাল বলাৰ ব্যৱহাৰ কৰে আৰু ভাৰতীয় সংজ্ঞাবদ্ধভাৱে মেচখন জিকিব!
Australia দলে 340 বা ততোধিক ৰাণে অনুসৰণ কৰিব নোৱাৰে, যদিহে ভাল বলিং ভাৰতীয় দলে কৰে!
আজিৰ বিশ্বকাপ ফাইনেল 2023 (Cricket Final 2023)-ত, যদি ভাৰতীয় দলে 10-12 অভাৰৰ ভিতৰত 100-130 ৰ ভিতৰত স্ক’ৰ কৰিব পাৰে, তেন্তে আমি 340 বা অধিক সুন্দৰ মুঠ ৰাণৰ আশা কৰিব পাৰোঁ।
আৰু এই ৰাণ Australia দলে সহজে পুৰ্ণ কৰিব নোৱাৰিব।