10 Militants Apprehended Near Tripura Border In Bangladesh : ত্ৰিপুৰা বাংলাদেশ সীমান্তত ১০ জন উগ্ৰপন্থী গ্ৰেপ্তাৰ

10 Militants Apprehended Near Tripura Border In Bangladesh : ত্ৰিপুৰা বাংলাদেশ সীমান্তত ১০ জন উগ্ৰপন্থী গ্ৰেপ্তাৰ

বাংলাদেশত চিলেট ডিভিজনৰ মৌলৱীবজাৰ(Moulvibazar) জিলাৰ ত্ৰিপুৰা সীমান্তৰ ওচৰত শনিবাৰে সন্ত্ৰাসবাদ বিৰোধী আৰক্ষীয়ে ছয়গৰাকী মহিলা কৰ্মীসহ ১০ জন ইছলামী উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰে।

অনুগ্ৰহ কৰি শেহতীয়া বাতৰিৰ আপডেটৰ বাবে আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰক।

শনিবাৰে, ঢাকা মেট্ৰ’পলিটান পুলিচৰ সন্ত্ৰাসবাদ বিৰোধী আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ (CTTC) গোটে কুলৰা আৰক্ষী থানা অঞ্চলৰ ভিতৰত অভিযান চলাইছিল।

এই অভিযানৰ নাম আছিল- ‘অপাৰেচন হিল চাইট (Operation Hill Sight)’ আৰু ভাৰতীয় সীমান্তৰ ওচৰৰ এখন অৰণ্যত এই অভিযান চলিছিল ।

10 Militants Apprehended Near Tripura Border In Bangladesh

আটক কৰা ব্যক্তিসকলক সন্ত্ৰাসবাদ ইমাম মাহমুদৰ কাফেলা (Imam Mahmuder’s Kafela) নামৰ শেহতীয়াকৈ গঠন কৰা উগ্ৰপন্থী গোটটোৰ সহযোগী হিচাপে চিনাক্ত কৰা হৈছে।

এই গোটটোৱে গজৱা-ই-হিন্দৰ (Ghazwa-e-Hind ) আদৰ্শ অনুসৰণ কৰে।

আৰু CTTC মুৰব্বী মোঃ জামানৰ মতে, ভাৰতত প্ৰভাৱ বিভাজন কৰিবৰ বাবে উগ্ৰপন্থী গোটটোৱে চেস্টা চলায় আছিল।

আনকি, জামানে লগতে কয় যে, সংগঠনটো বাংলাদেশত সক্ৰিয় আৰু আন নিষিদ্ধ উগ্ৰপন্থী গোটবোৰৰ পৰা পৃথক আৰু ভ​য়ানক।

আৰক্ষীয়ে উগ্ৰপন্থী দলটোৰ মাষ্টাৰমাইণ্ডক চিনাক্ত কৰিছে যদিও,

কিন্তু এতিয়াও আৰক্ষীৰ হাতত ধ​ৰা প​ৰা নাই।

Also read আন্তৰ্জাতিক শিক্ষাৰ্থীৰ বাবে ‘ষ্টাডি ইন ইণ্ডিয়া’ পৰ্টেল মুকলি

অভিযানৰ সময়ত তেওঁলোকৰ দখলৰ পৰা আৰক্ষীৰ বিশেষ গোটে ২.৫ কিলোগ্ৰাম বিস্ফোৰক, ৫০ টা ডিটোনেটৰ, এটা প্ৰশিক্ষণ মেনুৱেল, তৰোৱাল, কমাণ্ডো বুট আৰু নগদ ধন জব্দ কৰে।

শেহতীয়াকৈ নিৰ্মাণ কৰা ঘৰটোত প্ৰায় ২০ ৰ পৰা ২৫ জন উগ্ৰপন্থী আছিল বুলি অনুমান কৰা হৈছে।

আৰু বাংলাদেশ (Bangladesh) আৰক্ষীৰ উপস্থিতি চিনাক্ত কৰাৰ পিছত চৌহদটো সন্ত্ৰাসবাদীসকলে খালি কৰি দিছিল।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment