কেতিয়াও বন্ধ নোহোৱা ব্যৱসায়: যদি আপোনাৰ জীৱন সলনি কৰিব পৰা এটা স্মাৰ্ট ব্যৱসায়িক ধাৰণা বিচাৰিছে, তেন্তে আপুনি সঠিক স্থানত আছে।
কেতিয়াও বন্ধ নোহোৱা ব্যৱসায় আৰম্ভ কৰিব পাৰি সেই কথা হয়তো আপোনাৰ মনত আহিব পাৰে,
আৰু কেতিয়া কেতিয়া মনত অহা ধাৰণা প্ৰতি আত্মবিশ্বাস নোহোৱাৰ বাবে আপুনি সিদ্ধান্ত ল’ব নোৱাৰে।
আজিৰ যুগত ব্যৱসায় কৰিবলৈ ডাঙৰ পুঁজিৰ প্ৰয়োজন নাই, কেৱল এক ভাল পৰিকল্পনা আৰু ব্যৱসায়ত সঠিক সময় দিয়া।
কিছুমান সৃষ্টিশীল ধাৰণা আৰু কঠোৰ পৰিশ্ৰমৰে আপুনি কম বিনিয়োগৰে এটা স্থায়ী আৰু লাভজনক ব্যৱসায় গঢ়ি তুলিব পাৰে।
ইয়াত কিছুমান এনে ধাৰণা দিয়া হ’ল, যিবোৰে কেতিয়াও বন্ধ নহয় বুলি ক’ব পাৰি:-
কম টকাত কৰিব পৰা ব্যৱসায়
আজিকালি কম বিনিয়োগৰে বহুতো লাভজনক ব্যৱসায় আৰম্ভ কৰিব পাৰি।
ঘৰৰ পৰাই আপুনি অনলাইন টিউটৰিং, ফ্ৰিলান্সিং বা হোমমেড ফুড ব্যৱসায় আৰু গ্ৰাফিক ডিজাইন কাম কৰি ব্যৱসায়ৰ ধাৰণা সহজ কৰিব পাৰি।
ইয়াৰোপৰি, আমাৰ অসমত বাঁহ-বেতৰ সামগ্ৰীৰ বহু প্ৰচলন আছে যি অন্য় ৰাজ্য়ত নাই, গতিকে এই সামগ্ৰীসমূহ আপুনি অনলাইন বিকিব পাৰে
আনকি হাতে বোৱা কাপোৰ বা হস্তশিল্পৰ সামগ্ৰী আপুনি অনলাইন বিকিব পাৰে,
আপুনি যদি বিচাৰে তেনেহলে স্থানীয় অৰ্গেনিক চাহ, আৰু মৌজোল সামগ্ৰী ই-কমাৰ্ছৰ জৰিয়তে বিক্ৰী কৰিব পাৰিব।
এইবোৰ ব্যৱসায়ত প্ৰাথমিকভাৱে মাত্ৰ ৫০০-৫০০০ টকাৰ বিনিয়োগৰে আৰম্ভ কৰিব পাৰিব, আৰু ইয়াৰ বাবে ডাঙৰ পুঁজি বা দোকানৰ প্ৰয়োজন নহয়।
সামাজিক মাধ্যম আৰু অনলাইন প্লেটফৰ্মৰ সহায়ত এই ব্যৱসায়বোৰ সহজে প্ৰচাৰ আৰু বিক্ৰী কৰিব পাৰিব।
সঠিক পৰিকল্পনা, কঠোৰ পৰিশ্ৰম, আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজি ব্যৱসায় কৰিলে কম টকাৰে ডাঙৰ সফলতা লাভ কৰিব পাৰি।
আমি এই লিখনিত কিছুমান ব্যৱসায়ৰ ধাৰণা তলত দিছো যি হ’ল:- কেতিয়াও বন্ধ নোহোৱা ব্যৱসায়
১. অনলাইন টিউটৰিং
এটা কথা মন কৰিব যে শিক্ষামূলক সেৱা কেতিয়াও বন্ধ নহয়, সকলোৱে কিবা নহয় কিবা প্ৰতি দিনে শিকিব
বিছাৰে আৰু আপুনি তাৰে সুবিধা লৈ ধন কমাব পাৰে।
আপুনি যদি কোনো বিশেষ বিষয়ত পাকৈত, তেন্তে অনলাইন টিউটৰিং এটা উৎকৃষ্ট বিকল্প হ’ব পাৰে।
ইয়াৰ বাবে মাত্ৰ এটা স্মাৰ্টফোন বা কম্পিউটাৰ, ইণ্টাৰনেট সংযোগ আৰু আপোনাৰ জ্ঞানৰ ভাণ্ডাৰৰ
প্ৰয়োজন হ’ব আৰু যি আজি কালি সকলোৰে লগত আছে।
Zoom, Google Meet আদি প্লেটফৰ্মৰ সহায়ত আপুনি বিশ্বৰ যিকোনো ঠাইৰ ছাত্ৰ-ছাত্ৰীক শিকাব পাৰে।
বিশেষকৈ অসমীয়া, ইংৰাজী, গণিত বা কোনো বিশেষ দক্ষতা শিকাব পাৰে।
২. ঘৰতে খাদ্য ব্যৱসায়
আমাৰ প্ৰতিজন ব্য়ক্তিক দিনটোত কেইবাবাৰো খাদ্যৰ প্ৰয়োজন হয় গতিকে খাদ্যৰ চাহিদা কেতিয়াও কম নহব।
অসমৰ পৰম্পৰাগত খাদ্য যেনে পিঠা-পনা, আচাৰ-চাটনি, স্থানীয় মিঠাই আদি ঘৰতে স্বাস্থ্যকৰ উপায়েৰে তৈয়াৰ কৰি বিক্ৰী কৰিব পাৰে।
ফেচবুক, হোৱাটছএপ বা স্থানীয় বজাৰত এইবোৰ বিক্ৰী কৰিব পাৰিব! যদি কেনেকৈ কৰিব নাজানে,
তেনে হলে তলত comment কৰক, আমি আপোনালোকক সহায় কৰিম।
আৰম্ভণিৰ বাবে মাত্ৰ ৫০০-১০০০ টকাৰ বিনিয়োগৰে আৰম্ভ কৰিব পাৰিব।
৩. হস্তশিল্প ব্যৱসায়
অসমৰ সমৃদ্ধ হস্তশিল্প পৰম্পৰা যেনে বাঁহ-বেতৰ সামগ্ৰী, হাতেৰে বোৱা কাপোৰ, স্থানীয় শিল্পকৰ্ম আদি
অনলাইনত বিক্ৰী কৰিব পাৰি।
এইবোৰ সামগ্ৰী স্থানীয় ভাবে সংগ্ৰহ কৰি ই-কমাৰ্চ ৱেবছাইট যেনে Amazon, Etsy বা নিজা ফেচবুক পেজৰ
জৰিয়তে বিক্ৰী কৰিব পাৰি।
আপুনি আপোনাৰ প্ৰডাক্ট ডিজাইন আৰু বিক্ৰী কেনেকৈ বৃদ্ধি পাৰিব, তাৰ বিষয়ে ইণ্টাৰনেটৰ পৰা অধিক
ডিজাইন আৰু সৃষ্টিশীল ধাৰণা পাব পাৰে।
৪. ডিজিটেল সেৱা
আপোনাৰ কোনো বিষয়ত জ্ঞান থাকিলে, আপুনি ডিজিটেল সেৱাৰ জৰিয়তে উপাৰ্জন কৰিবলৈ বিভিন্ন বিকল্প আছে।
চৰকাৰী প্ৰতিষ্ঠানত আপুনি কম মাচুলত আপোনাৰ জিলাত কম্পিউটাৰ ডিপ্লমা পাঠ্যক্ৰম শিকিব পাৰে।
যি আপোনাক ডিজিটেল সেৱাৰ ব্যৱসায় সহায় কৰিব আৰু অপুনি ঘৰৰ পৰা টকা income কৰিব পাৰিব।
ডিজিটেল যুগত ডিজিটেল সেৱাৰ চাহিদা দিনক দিনে বাঢ়ি আছে। যেনে:
- ৱেবছাইট ডিজাইন
- ছ’চিয়েল মিডিয়া মেনেজমেন্ট
- কন্টেন্ট ৰাইটিং
- গ্ৰাফিক ডিজাইন
এইবোৰ কৰিবলৈ মাত্ৰ এটা কম্পিউটাৰ আৰু ইন্টাৰনেট সংযোগৰ প্ৰয়োজন। Freelancing প্লেটফৰ্ম যেনে Upwork, Fiverr আদিত একাউণ্ট খুলি সেৱা আগবঢ়াব পাৰি।
তদুপৰি, ছ’চিয়েল মিডিয়া মেনেজমেন্ট, SEO অপ্টিমাইজেচন, বা ই-কমাৰ্চ কনচাল্টেন্সিৰ দৰে বিশেষজ্ঞ সেৱাবোৰো ডিজিটেল মাধ্যমত উচ্চ হাৰত বিক্ৰী কৰিব পাৰি।
আপুনি নিজা ব্লগ বা ৱেবছাইট খুলি এফিলিয়েট মাৰ্কেটিং, এডসেন্স, বা স্পন্চৰশ্বিপৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰে।
ডিজিটেল সেৱাৰ ক্ষেত্ৰত দক্ষতা, গুণগত মান, আৰু সময়নিষ্ঠতা ৰাখিলে স্থায়ী গ্ৰাহক গঠন কৰি মাহেকৈ
২০,০০০ টকাৰ পৰা ২ লাখ টকলৈকে উপাৰ্জন কৰিব পাৰিব।
ই সম্পূৰ্ণৰূপে আপোনাৰ দক্ষতা, অভিজ্ঞতা আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে।
৫. স্থানীয় প্ৰডাক্ট বিক্ৰী
অসমৰ অনন্য স্থানীয় প্ৰডাক্ট যেনে অৰগেনিক চাহ, মধু, বনৌষধি আদি সংগ্ৰহ কৰি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিব পাৰি।
এই ব্যৱসায়ত প্ৰথম অৱস্থাত মাত্ৰ প্ৰডাক্ট সংগ্ৰহ কৰা আৰু পেকেজিংৰ খৰচহে হ’ব ।
কিন্তু, তাৰ পিছত, আপুনি এবাৰ বজাৰ দখল কৰিলে, আপুনি অধিক লাভ কৰিব পাৰিব।
সফলতাৰ কেইটামান গুৰুত্বপূৰ্ণ টিপ্ছ
সঠিক পৰিকল্পনা, দীৰ্ঘম্যাদী দৃষ্টিভংগী, আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে, যিকোনো উদ্যোগক প্ৰথম শ্ৰেণীত অনা সম্ভৱ।
- সৰুৰে পৰা আৰম্ভ কৰক
- গ্ৰাহকৰ প্ৰতিক্ৰিয়াক গুৰুত্ব দিয়ক
- বজাৰৰ চাহিদা অধ্যয়ন কৰক
- ধৈৰ্য্য ধৰি কাম কৰক
- নতুন নতুন কৌশল শিকিবলৈ সদায় সাজু থাকক
সৰু ব্যৱসায়ো ডাঙৰ সফলতাৰ মুখ দেখিব পাৰে যদি ইয়াক সঠিকভাৱে পৰিচালনা কৰা হয়।
আপুনি যদি সঠিক দিশত কাম কৰে, তেন্তে আপোনাৰ ব্যৱসায় কেতিয়াও বন্ধ নহয় বুলি ক’ব পাৰি।
সেয়ে, নিজৰ অনন্য চিন্তাধাৰা আৰু কৰ্মদক্ষতাক লগ কৰি, আপুনিও গঢ়ি তুলিব পাৰে এটি কেতিয়াও বন্ধ নোহোৱা ব্যৱসায়।
Conclusion
ব্যৱসায়বোৰৰ সফলতাৰ আঁচনি হ’ল স্থিৰতা, নতুনত্ব, আৰু ব্যৱহাৰকাৰী কেন্দ্ৰিক দৃষ্টিভংগী আকৰ্ষণ কৰে।
সঁচাকৈয়ে, “কেতিয়াও বন্ধ নোহোৱা ব্যৱসায়” বুলি কোৱা ব্যৱসায়বোৰ মানে কেৱল ধন পাৰ্জনৰ উপায় নহয়!
ইয়াৰ বাবে আপোনাক লাগিব সময়, প্ৰযুক্তি আৰু গ্ৰাহকৰ প্ৰয়োজনৰ সৈতে সদায় খাপ খুৱাই চলা এক অভিযাত্রা।
মনত ৰাখিব , এই নীতিসমূহ অনুসৰণ কৰিলে ব্যৱসায় স্থায়ী আৰু লাভজনক হঽব। সফল উদ্যোগী হঽবলৈ
পৰিশ্ৰম, সু-পৰিকল্পনা, আৰু গ্ৰাহকৰ বিশ্বাস আটাইতকৈ গুৰুত্বপূৰ্ণ!