কি খাদ্য বস্তু খালে গৰ্ভপাত হ’ব পাৰে?

আজিৰ এই বিশেষ লিখনিত আমি জানিম- গৰ্ভৱতী মহিলা কি কি খাদ্য বস্তু খালে গৰ্ভপাত হ’ব পাৰে?

গৰ্ভাৱস্থা এটা অতি স্পর্শকাত আৰু সাবধান থকাৰ সময়, কিয়্নো আপোনাৰ যত্নই আৰু সাবধানতাই,

আপোনাৰ শিশুৰ ভৱিষ্যত নিৰ্ণয় ক​ৰিব পাৰে।

এই সময়ত খাদ্যাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে কাৰণ কিছুমান খাদ্য বস্তুৱে গৰ্ভপাতৰ দৰে ভয়াবহ পৰিণতি ডাঙিব পাৰে।

আজি আমি আলোচনা কৰিম সেইবোৰ খাদ্যৰ বিষয়ে যিবোৰে গৰ্ভৱতী মহিলাৰ বাবে বিপদজনক হ’ব পাৰে।

কি খাদ্য বস্তু খালে গৰ্ভপাত হ’ব পাৰে?

১. অপেষ্টুৰাইজড দুগ্ধজাত সামগ্ৰী

কেঁচা গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী নৰম পনীৰ (যেনে ব্ৰী, কেমেম্বাৰ্ট, ফেটা)ত লিষ্টেৰিয়া নামৰ এটা বিপদজনক বেক্টেৰিয়া থাকিব পাৰে। এই বেক্টেৰিয়াই গৰ্ভপাত, অকাল প্ৰসৱ বা নবজাতকৰ গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে।

২. কেঁচা বা অৰ্ধসিদ্ধ মাংস-মাছ

কেঁচা মাছ, চুচি, অৰ্ধসিদ্ধ কণী বা মাংসত টক্স’প্লাজম’ছিছ আৰু চেলম’নেলাৰ দৰে পৰজীৱী আৰু বেক্টেৰিয়া থাকিব পাৰে। এইবোৰে মাতৃ আৰু ভ্ৰূণৰ বাবে অতি বিপদজনক।

৩. উচ্চ পাৰদযুক্ত মাছ

শ্বাৰ্ক, স্বৰ্ডফিছ, টাইলফিছ আদি মাছত উচ্চ মাত্ৰাৰ পাৰদ থাকে যিয়ে ভ্ৰূণৰ স্নায়ু তন্ত্ৰৰ বিকাশত বাধা দিব পাৰে আৰু গৰ্ভপাতৰ কাৰণো হ’ব পাৰে।

৪. কেঁচা অংকুৰ

মুগ, আলফালফা আদি কেঁচা অংকুৰত ই.ক’লাই আৰু চেলম’নেলা বেক্টেৰিয়া থাকিব পাৰে যিয়ে গৰ্ভাৱস্থাত জটিলতা সৃষ্টি কৰিব পাৰে।

৫. অলকোহল

যিকোনো প্ৰকাৰৰ মদে ভ্ৰূণৰ বিকাশত বাধা দিয়ে আৰু গৰ্ভপাত, অকাল প্ৰসৱ বা ফেটেল এলকোহল

সিনড্ৰ’মৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৬. অতিমাত্ৰা কেফেইন আৰু চিগাৰেট

দিনত ২০০ মিলিগ্ৰামতকৈ বেছি কফি (প্ৰায় ২ কাপ) খালে গৰ্ভপাতৰ আশংকা বাঢ়িব পাৰে।

কেফেইনে ৰক্তস্ৰাৱ বৃদ্ধি কৰিব পাৰে আৰু যাৰ ফলত গৰ্ভপাত হ’ব পাৰে।

৭. অতিমাত্ৰা ভিটামিন এ

যকৃত আৰু ভিটামিন এ সম্পৰ্কীয় অতিমাত্ৰা পূৰকে ভ্ৰূণৰ বিকাশত বাধা দিব পাৰে আৰু জন্মত্ৰুটিৰ সৃষ্টি কৰিব পাৰে।

উপসংহাৰ

প্ৰতিজন মহিলাৰ বাবে আৰু আহিব লগীয়া শিশুৰ বাবে অতি প্ৰয়োজনীয়।

ওপৰত উল্লেখ কৰা খাদ্যবোৰ এৰাই চলিলে গৰ্ভপাতৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব।

প্ৰতিটো গৰ্ভাৱস্থা ভিন্ন হ’ব পাৰে, গতিকে প্ৰত্যেক গৰ্ভৱতী মহিলাই নিজৰ চিকিৎসকৰ সৈতে নিজৰ খাদ্যাভ্যাস সম্পৰ্কে আলোচনা কৰিব লাগে।

এটা সুস্থ সন্তান জন্ম দিয়াবলৈ হলে আপুনি এই বিশেষ সময়ত সাৰ্থকতা পালন ক​ৰাটো অতি প্ৰ​য়োজন!

এই লিখনি – কি খাদ্য বস্তু খালে গৰ্ভপাত , ওপ​ৰত আপোনাৰ মতামত তলত comment ত share ক​ৰক।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment