আমি চাকি বন্তি কিয় জ্বলাও: Why do we light diyas?

আমি চাকি বন্তি কিয় জ্বলাও? যাৰ আৰম্ভণি ভালদ​ৰে সংজ্ঞায়িত কৰাটো এক টান কাম হব পাৰে।

অসমীয়া সমাজত বা আমাৰ হিন্দু সমাজত চাকি জ্বলাই পোহৰ দিয়াৰ প্ৰথা বহু পুৰণি আৰু গুৰুত্বপূৰ্ণ পৰম্পৰা ।

চাকি দিয়া বা দীপক হৈছে তেল বা ঘিঁউৰ সহায়ত জ্বলোৱা এক প্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী পোহৰৰ

উৎস, যাক সাধাৰণতে ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যত ব্যৱহাৰ কৰা হয়।

এই প্ৰবন্ধত আমি চাকি বন্তি কিয় জ্বলাও, চাকি জ্বলাই নিয়ম, আৰু তাৰ বিশেষ মহত্বৰ বিষয়ে আলোচনা কৰিম।

চাকি জ্বলোৱা নিয়ম

আমাৰ পৰম্পৰাগত নিয়ম মতে চাকি জ্বলালে ঘৰত সুখ-শান্তি বৰ্তি থাকে।

চাকি জ্বলাই নিয়মবোৰ সাধাৰণতে তেল বা ঘিঁউৰ সহায়ত কপাহৰ শলিতা বা শলিতাৰ দৰে বস্তুৰে কৰা হয়।

আমি প্ৰাচীন কালত মাটিৰ চাকি জ্বলাই থকাৰ স্থান আৰু সময়ৰ বহু গ্ৰন্থত ভালদৰে উল্লেখ আছে।

সাধাৰণতে চাকি জ্বলাই পূজা, বিবাহ, জন্মদিন, দীপাৱলী আদিত কৰা হয়।

কিন্তু নতুন ঘৰৰ কাম বা দোকান খোলোতেও চাকি জ্বলোৱা হয়।

আমাৰ সমাজত চাকি জ্বলোৱাৰ বহু নিয়ম আছে, আচল নিয়ক হয়তো আপোনাৰ বাবে টান হব পাৰে, কিন্তু আমি তলত সকলো নিয়ম উল্লেখ ক​ৰিছো

চাকি জ্বলোৱা নিয়ম ১ টা নিয়ম

  1. আপুনি গা ধুই চাকি জ্বলাব লাগে।
  2. চাকি জ্বলাই তেল বা ঘিঁউৰ সৈতে শলিতা বা কপাহ ব্য়​ৱহাৰ ক​ৰক।
  3. ৰাতিপুৱা আৰু সন্ধিয়া চাকি জ্বলোব লাগে।
  4. মাটিৰ চাকি বা পিতল​ৰ চাকি ব্য়​ৱহাৰ ক​ৰক, যাক বিশুদ্ধ বা পবিত্ৰ বুলি গণ্য় ক​ৰা হ​য়।
  5. আপোনাৰ গুৰুজনাৰ নিয়ম বা মন্দিৰ​ৰ নিয়ম মতে চাকিৰ সম​য় সকলোৰে বেলেগ বেলেগ হব পাৰে।
  6. মহিলাই মাহেকীয়াৰ সময়ত চাকি জ্বলোৱাৰ পৰা বিৰত থাকিব লাগে।
  7. চাকি জ্বলোৱাৰ সময়ত ভক্তিমূলক সংগীত ব্যৱহাৰ কৰক (যদি সম্ভৱ), ভক্তিমূলক সংগীত আপুনি মবাইলত বজাব পাৰে।
  8. নিজ​ৰ ইষ্টদেবতা বা গুৰুৰ মানত চাকি জ্বলাব লাগে আৰু জ্বলোৱাৰ পিছত সেৱা জনাব লাগে।
  9. আন​ৰ বেয়া ভাবি কেতিয়াও চাকি জ্বলাব নালাগে, এনে হলে আপুনি বেয়া বা বিপৰীত ফল পাব পাৰে।
  10. হিন্দু নিয়ম মতে চাকি জ্বলোৱাৰ উচিত ঠাই আপোনাৰ মন্দিৰৰ দক্ষিণ-পূব কোণত হ’ব লাগে।
  11. মাছ বা মাংস খাই কিনে মন্দিৰ বা নিজ পূজা ঘ​ৰত চাকি জ্বলাব​ৰ বাবে প্ৰবেশ ক​ৰিব নালাগে।

চাকি জ্বলোৱাৰ বিশেষ মহত্ব কি?

হিন্দু সমাজত চাকি জ্বলাই পোহৰ দিয়াৰ প্ৰধান কাৰণ হৈছে আধ্যাত্মিক পবিত্ৰতা আৰু শুভতা আনিবৰ এক প্ৰচেষ্টা।

এই কায্য়ই দেৱতা-দেৱীৰ উপাসনাত পবিত্ৰতা বৃদ্ধি কৰা হয় আৰু লগতে ঘৰত শান্তি, সমৃদ্ধি আৰু মঙ্গল কামনা কৰা হয়।

বিশেষকৈ অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় আচাৰত চাকি জ্বলাই শুভ কাৰ্যৰ আৰম্ভণি কৰা হয়।

Also read : শিৱলিংগ কিয় পূজা কৰা হয় ?

আনকি, ধনতেৰাচৰ দিনা সন্ধিয়া সময়ত মাটিৰ চাকি জ্বলাই যম দেৱতাক সন্মান জনোৱা হয়, আৰু অধিক ধনৰ কামনা ক​ৰা হ​য়।

কাতি বিহুৰ দিনা তুলসীৰ তলত কিয় আমি চাকি জ্বলাও?

কাতি বিহুৰ সময়ত তুলসীৰ তলত চাকি জ্বলাই লখিমী দেৱীক আদৰাৰ প্ৰথা আছে, যাৰ দ্বাৰা আমাৰ ধান

খেতিৰ মঙ্গল বা সফল উৎপাদন আৰু পৰিয়ালৰ সমৃদ্ধি কামনা কৰা হয়।

আমি আশা ক​ৰো যাতে, গোটেই বছ​ৰটো যাতে আমাৰ ভ​ৰালখন ধানেৰে ভ​ৰি থাকে।

বিশেষকৈ কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলাই লখিমী দেৱীক আমন্ত্ৰন আৰু শস্যৰ মঙ্গল কামনা কৰা হয়।

আমি সকলোৱে চাকি জ্বলাই সময়ত দেৱতাৰ প্ৰতি ভক্তি আৰু শ্রদ্ধা প্ৰকাশ ক​ৰো।

চাকি জ্বলালে কি হ​য়?

মন কৰিব যে, চাকি জ্বলাই আধ্যাত্মিক পবিত্ৰতা আৰু শুভতা বৃদ্ধি কৰে।

চাকি পোহৰে অন্ধকাৰ দূৰ কৰাৰ লগতে আমাৰ মনৰ অশান্তি নাশ কৰে।

অসমীয়া সংস্কৃতি অনুসৰি, আপোনাৰ ঘৰৰ বিপদ বিনাশ আৰু দেৱতা-দেৱীৰ আশীৰ্বাদ লাভ কৰাৰ বাবে চাকি জ্বলোৱা হয়।

অপোনাৰ ঘৰত শান্তি, সমৃদ্ধি আৰু মঙ্গলৰ বাবে আপুনি ৰাতিপুৱা আৰু সন্ধিয়া চাকি জ্বলোব লাগে।

চাকি জ্বলাই ঘৰৰ পবিত্ৰ স্থানত, তুলসীৰ গছৰ তলত বা পূজাৰ স্থানত কৰা হয়।

Also read: জাপানীসকলৰ দীৰ্ঘ জীৱন জীয়াই থকাৰ কাৰণ

কেতিয়া চাকি জ্বলাব লাগে?

সন্ধিয়া কিমান সময়ত ধূপ চাকি জ্বলাব লাগে?

চাকিৰ সময় গুৰুৱে দিয়া নিয়ম, ব্যক্তিগত ৰীতিৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰতিজন ব্যক্তিৰ ধৰ্মীয় বিশ্বাস আৰু গুৰু-মাৰ্গদৰ্শনাৰ ওপৰত ভিত্তি কৰি চাকি জ্বলোৱাৰ সময়ৰ পাৰ্থক্য থাকিব পাৰে। 

কিছুমান ধৰ্মীয় গুৰুৱে বিশেষ সময় -যেনে ব্ৰহ্মমুহূৰ্ত, সন্ধ্যা আদিত চাকি জ্বলোৱাৰ বাবে নিৰ্দেশনা দিয়ে।

আকৌ কিছুমানে মানুহে মন্দিৰৰ ৰীতি- নীতি অনুস​ৰি নিজ​ৰ ঘ​ৰত চাকি জ্বলায়।

কিন্তু আপুনি ৰাতিপোৱা বা ব্ৰহ্মমুহূৰ্ত আৰু সন্ধ্যা সময়ত চাকি জ্বলোৱ লাগে।

মন ক​ৰিব যে কোনোৱে দিনত তিনিবাৰ – সন্ধ্যা, মধ্যাহ্ন, প্ৰাতঃ সময়ত চাকি জ্বলায়।

গতিকে, আপুনি যদি কোনো গুৰুজনাৰ অনুগামী বা নিৰ্দিষ্ট মন্দিৰৰ নিয়ম মানি চলে,

তেন্তে সেইমতে সময় নিৰ্ধাৰণ চাকি জ্বলোৱাৰ নিয়ম মানি চলিব পাৰে।

তুলসীৰ তলত কেতিয়া চাকি জ্বলাব লাগে?

তুলসীৰ তলত সাধাৰণতে পুৱা বা সন্ধিয়া পূজাৰ সময়ত চাকি জ্বলাব লাগে।

কিন্তু কোনো বিশেষ দিন- কাতি বিহুৰ দিনা সন্ধিয়া তুলসীৰ গছৰ তলত চাকি জ্বলাই লখিমী দেৱীক আদৰাৰ প্ৰথা চলি আহিছে।

এই সময়ত চাকি জ্বলাই ঘৰৰ পবিত্ৰতা আৰু সমৃদ্ধি বৃদ্ধি কৰা হয়।

ধূপ চাকি কোন স্থানত জ্বলাব লাগে?

ধূপ-চাকি জ্বলোৱাৰ আগতে আপুনি হাত-মুখ ধুই শুদ্ধ হব লাগে।

আমাৰ সমাজ​ৰ নিয়ম মতে তুলসী থাপনা এক পৱিত্ৰ বুলি গণ্য কৰা হয়, গতিকে ইয়াৰ তলত ধূপ জ্বলালে ঘৰ শুদ্ধ হয়।

পূব দিশত ধূপ জ্বলালে শুভ শক্তি বৃদ্ধি হয় আৰু ঘ​ৰত ভাল খব​ৰ আহে।

এটা কথা মন ক​ৰিব যে ধূপৰ সুগন্ধিয়ে বায়ু শুদ্ধ কৰাৰ লগতে মনকো পৱিত্ৰ কৰে।

Conclusion

অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানত চাকি জ্বলোৱা এক গুৰুত্বপূৰ্ণ পৰম্পৰা। 

চাকি জ্বলোৱা অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ যি চিৰ কাললৈ অব্য়হত থাকিব।

ইয়াৰ মাধ্যমেৰে আমি সকলোৱে শান্তি, সমৃদ্ধি আৰু আধ্যাত্মিক শক্তি লাভ কৰোঁ।

গতিকে, প্ৰতিদিন চাকি জ্বলাই পৰম্পৰা ৰক্ষা কৰিবলৈ যত্নবান হওঁ আহক।

এই প্ৰবন্ধত আমি চাকি বন্তি কিয় জ্বলাও, চাকি জ্বলাই নিয়ম, আৰু তাৰ বিশেষ মহত্বৰ বিষয়ে আলোচনা ক​ৰিছো।

আপোনাৰ comment তলত লিখি, আমাক নজনা কথা জনালে আমি সুখী হ’ম।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment